শেহতীয়া খবৰ
কৰ্মচাৰীক দৰমহা দিবলৈ নাই ধন! দিল্লীয়ে কেন্দ্ৰৰ পৰা বিচাৰিলে ৫হাজাৰ কোটি... • মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক...

ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ মন্ত্ৰী-সাংসদৰ পৰা কি সহায় বিচাৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে…

131

ডিজিটেল ডেস্কঃ দেওবাৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে, কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লকডাউনৰ সময়সীমা অহা ১৫ এপ্ৰিলত শেষ হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰপ্ৰদেশৰ সতীৰ্থ মন্ত্ৰী তথা সাংসদসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সযোগে কয়- ’১৫ এপ্ৰিলত লকডাউন সমাপ্ত হ’ব। সেয়েহে আমি দুটা কাম কৰিব লাগিব। লকডাউনৰ সময় শেষ হোৱাৰ পাছত কোনো স্থানত যেন ভিৰ নহয়। এই ক্ষেত্ৰত আপোনালোকৰ সহায়-সহযোগিতাৰ প্ৰয়োজন আছে।’

লগতে তেওঁ কয় যে- ‘যদি ১৫ এপ্ৰিলত কোনো ঠাইত ভিৰ হয় তেন্তে লকডাউনৰ যি সিদ্ধান্ত লোৱা হৈছে সেয়া বিফল হ’ব। মই বিচাৰো ইয়াৰে বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই সন্দৰ্ভত মই জনসাধাৰণৰ পৰামৰ্শও বিচাৰো। আপোনালোকে নিজৰ নিজৰ পৰামৰ্শ আমালৈ পঠিয়াব পাৰে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি