পথাৰত নৰা জ্বলাই দিয়াৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, জিলা উপায়ুক্তক নিৰ্দেশ জাৰি

পথাৰত নৰা জ্বলাই দিয়াৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, জিলা উপায়ুক্তক নিৰ্দেশ জাৰি
  • পথাৰত অগ্নিসংযোগৰ বিৰুদ্ধে কঠোৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
  • ৰাজ্যখনৰ কৃষকসকলে যাতে পথাৰত নৰা জ্বলাই নিদিয়ে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি।
  • প্ৰত্যেকখন জিলাৰেই উপায়ুক্তসকলক কঢ়া নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী আদিত্যনাথে।
  • ৰাজ্যখনত নৰা জ্বলাই দিয়া কাৰ্যই ভয়াবহ ৰূপ ধাৰণ কৰিছে।
  • পথাৰত নৰা জ্বলাই দিয়াৰ বাবেই দিল্লী-এনচিআৰত প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি পোৱা বুলি দাবী বিশেষজ্ঞসকলৰ।
  • ইফালে পৰম্পৰাৰ নামত ৰাজ্যখনৰ কৃষকসকলে পথাৰত জ্বলাই দি আহিছে নৰা।
  • নৰা জ্বলাই দিলে ফচলৰ উৎপাদন ভাল হয় বুলি দাবী কৰি এই কাৰ্য কৰি আহিছে কৃষকসকলে।
  • যাৰ ফলত দিল্লী-এনচিআৰকে ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত প্ৰদূষণৰ বাবে অস্বস্তিকৰ হৈ পৰিছে সাধাৰণ জীৱন নিৰ্বাহ।
  • ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দিনতেই সৃষ্টি হৈছে অন্ধকাৰৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in