বান বিধ্বস্ত ৰাইজক উদ্ধাৰ কৰা আমাৰ প্ৰাথমিক দায়িত্ব, বানাক্ৰান্তক সহায়ৰ বাবে আমি প্ৰস্তুতঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বান বিধ্বস্ত ৰাইজক উদ্ধাৰ কৰা আমাৰ প্ৰাথমিক দায়িত্ব, বানাক্ৰান্তক সহায়ৰ বাবে আমি প্ৰস্তুতঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিজিটেল সংবাদ, চেঙাঃ "ৰাজ্যখনৰ বানাক্ৰান্তসকলক পৰ্যাপ্ত পৰিমাণৰ সহায় আৰু সহযোগিতা আগবঢ়াবলৈ ইতিমধ্যে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই মুহূৰ্তত বানৰ কৱলত পৰা ৰাইজক উদ্ধাৰ কৰা আমাৰ প্ৰাথমিক দায়িত্ব।" বৰপেটা জিলাৰ সৰ্থেবাৰীত বান পৰিস্থিতিৰ বুজ ল'বলৈ আহি সাংবাদিকৰ আগত সোমবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে।

সাম্প্ৰতিক সময়ত ৩৩ খনকৈ জিলা বানৰ কৱলত পৰিছে বুলি মুখ্যমন্ত্ৰী সোণোৱালে উল্লেখ কৰি এই ক্ষেত্ৰত চিকিৎসা, পশুখাদ্য, বিশুদ্ধ খোৱা পানী, খাদ্য সামগ্ৰীকে ধৰি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্ত তথা বিষয়া কৰ্মচাৰীক নিৰ্দেশনা দিয়াৰ কথা ব্যক্ত কৰে।

লক্ষ্যণীয়ভাবে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি স্থায়ী সমাধানৰ বিষয়ক এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী সোণোৱালে নীতি আয়োগৰ ভাইচ চেয়াৰমেনকলৈ গঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমিতিৰ কথা উল্লেখ কৰি কয় যে, এই সমিতিখন উত্তৰ পূৰ্বাঞ্চলৰ বান আৰু খহনীয়াত ক্ষতিগ্ৰস্ত বিষয়বোৰ আন্তৰিকতাৰে পৰ্যবেক্ষেণ কৰি আছে।

প্ৰধানমন্ত্ৰীৰ বিশেষ তৎপৰতাত গঠিত সমিতিখনৰ পৰা আমি নিশ্চিতভাৱে অনাগত সময়ত অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰিব পাৰিম। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ফোন যোগে অসমৰ বান পৰিস্থিতিৰ বুজ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

সাংবাদিকৰে মত বিনিময় কৰাৰ আগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত মিলিত হয়। ইয়াৰ পিছতেই সৰ্থেবাৰীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বান পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে যোৰহাট সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজহ মন্ত্ৰী ভবেশ কলিতা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষীকেশ গোস্বামী, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ।

উল্লেখ্য যে, ৰাজ্যখনত যোৱা কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে বানপানীৰ। টিহু, বুঢ়াদিয়া নদীৰ বাঢ়নী পানীত বুৰ গৈছে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ১২০ খনৰো অধিক ৰাজহ গাঁও। বৰপেটা জিলাত প্ৰায় ৩৫০০ হেক্টৰ বিঘা কৃষিভূমি বানপানীৰ কবলত পৰিছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত। বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জটিল হৈ পৰিছে সৰ্থেবাৰীৰ বান পৰিস্থিতি।

ইফালে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম জলমগ্ন হৈ পৰিছে। আশ্ৰমখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়। ইয়াৰ উপৰিও সৰ্থেবাৰীস্থিত ৩০খন বিচনাযুক্ত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়, সৰ্থেবাৰী আৰক্ষী থানা, সেনা বাহিনীৰ চাউনী, শ্ৰীশ্ৰী মহাপ্ৰভু জগন্নাথ মন্দিৰ সম্পূৰ্ণ জলমগ্ন হৈ পৰাৰ লগতে কেইবাটাও পথ বানপানীত বুৰ গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in