ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছেঃ মুখ্যমন্ত্ৰী সোণোৱাল…VIDEO

ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছেঃ মুখ্যমন্ত্ৰী সোণোৱাল…VIDEO

ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্যৰ জলন্ত সমস্যা বান গৰাখহনীয়াই অচিৰেই ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিব বুলি গভীৰ আশাবাদী ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ যি সমস্যাই বছৰি ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো ,আন্তঃগাঁথনি দুৰ্বল কৰি লাখ লাখ গঁঞা কৃষক ৰাইজক মাধমাৰ সোধাই জুৰুলা কৰি আহিছে সেই সমস্যা যেন দেশৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ চৰ্চা লাভৰ বিষয় হৈছে৷ অচিৰেই যেন ৰাজ্যৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ সূত্ৰ নিৰ্ণয় হ'ব৷ তাৰেই ইংগিত বুধবাৰে লখিমপুৰত দিলে অসমীয়া প্ৰতিদিনক ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

ৰাজ্যৰ বান গৰাখহনীয়া সমস্যা সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সদৰী কৰে বুধবাৰে উত্তৰ লখিমপুৰ আৱৰ্তভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই প্ৰতিবেদকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ বান-গৰাখহনীয়া সমস্যাক লৈ গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ স্বাধীনতাৰ ৭২ বছৰৰ পাছত প্ৰধানমন্ত্ৰী পৰ্যায়ত এই সমস্যা সমাধানৰ বাবে এখন কমিটি গঠন কৰা হৈছে ৷

নীতি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত গঠিত কমিটি খনত উত্তৰ পূৰ্বাঞ্চলৰ সাত খন ৰাজ্যৰে একোজনকৈ প্ৰতিনিধি থাকিব৷ কমিটিখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব অসমৰ বান গৰাখহনীয়া আৰু উত্তৰ-পূৱৰ ভূমিস্খলনৰ সমস্যা সমাধান কৰা৷ এই কমিটিৰ জৰিয়তে বান গৰাখহনীয়া সমস্যা সমাধানৰ বাবে পুজি আৱণ্টন হ'ব আৰু সেই পুঁজি কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিব৷

উল্লেখ্য যে, যোৱা চাৰিটা বৰ্ষত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা বান নিয়ন্ত্ৰণৰ বাবে এটকাও পুঁজি নোপোৱাৰ বিষয়টো বিভিন্ন মহলত উত্থাপন হৈছিল৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ অসমীয়া প্ৰতিদিনৰ পোণপটীয়া প্ৰশ্ন- যোৱা চাৰিটা বৰ্ষত কেন্দ্ৰই ৰাজ্য চৰকাৰক বান গৰাখহনীয়া সমস্যা সমাধানৰ বাবে সহায়ৰ হাত আগবঢ়াইছেনে? বিৰোধী অভিযোগ কেন্দ্ৰই এইক্ষেত্ৰত এটকাও ৰাজ্যক আগবঢ়োৱা নাই ৷

মুখ্যমন্ত্ৰীয়ে প্ৰশ্নৰ উত্তৰ দিয়ে যে- আচলতে তেনে কথা নহয়৷ সকলো সময়তে কেন্দ্ৰই ৰাজ্য চৰকাৰক সহায় সহযোগ কৰিছে, দিহা পৰামৰ্শ আগবঢ়াইছে৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ আৰু ৰাজ্যৰ দূৰ্যোগ ব্যৱস্থাপনা বিভাগ চমুকৈ এনডিআৰএফ আৰু এছডিআৰএফে যুটীয়াভাৱে এই ক্ষেত্ৰত কাম কৰিছে৷

বিগত সময়ত ৰাজ্য চৰকাৰে সৰুবৰ আঁচনিৰ অধিনত বান গৰাখহনীয়া ৰোধৰ বাবে যিবোৰ কাম কৰিছে তাৰ অধিকাংশই কেন্দ্ৰীয় চৰকাৰৰ আৱন্টিত পুঁজি৷ আনহাতে, পঞ্চদশ বিত্তীয় আয়োগে এইবাৰ অসমৰ গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দি বিষয়টো অন্তৰ্ভুক্ত কৰিছে৷ আনহাতে, নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেন্ট অথৰিটী চমুকৈ নেওমা গঠনৰ প্ৰস্তুতি চলিছে৷

প্ৰধানমন্ত্ৰীৰ উদ্যোগত গঠিত নেওমা আগন্তুক সংসদৰ অধিৱেশনত উপস্থাপন হৈ আইন হ'ব ৷ইয়াৰ জৰিয়তে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভূমিস্খলনৰ সমস্যা আৰু অসমৰ বান ,গৰাখহনীয়া সমস্যাই স্বীকৃতি লাভ কৰিব৷ বৃহৎ প্ৰকল্প লোৱা হ'ব৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পুজি আৱন্টন কৰি সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ কৰিব ৷

তদুপৰি, শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ স্থল পথেৰে গৈ বান আৰু গৰাখহনীয়া সমস্যাৰ ক্ষেত্ৰ ভিত্তিত পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ৰাজ্যৰ বান আৰু খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি সমস্যা সন্দৰ্ভত ধাৰণা কি বুলি অসমীয়া প্ৰতিদিনে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়- সমস্যাটো গুৰুতৰ৷ বানপানী আৰু গৰাখহনীয়া দুয়োটা সমস্যাই গঞা ৰাইজক অসুবিধাত পেলাইছে৷ বিশেষকৈ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি এই কথা মই উপলব্ধি কৰিছো আগন্তুক দিনত এই বিষয়ত শক্তিশালীভাৱে আত্মনিয়োগ কৰিব লাগিব আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি যৌথভাৱে সমস্যা সমাধানত গুৰুত্ব দিব লাগিব৷

২০১৬ চনত চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা এই সমস্যা সমাধানত চৰকাৰে মনোনিৱেশ কৰিছে ৷৬৮০ কিঃমি দৈৰ্ঘ্যৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ১২১ খন সৰু বৰ উপনৈ চুবুৰীয়া ৰাজ্য আৰু ভুটানৰ পৰা বৈ আহিছে গতিকে বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে চুবুৰীয়া ৰাজ্যৰ লগতে ভূটানো অৱগত হ'ব লাগিব ৷ভূটানৰ পৰা নামি বৈ অহা নৈ আৰু পানী সমস্যাটোৰ লগত জড়িত ৷গতিকে এই ক্ষেত্ৰত আমি ভূটানক অৱগত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো বুলিও কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কেন্দ্ৰীয় চৰকাৰে ই আই এ অধিসূচনা জাৰি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- এতিয়ালৈকে আমাক কোনো যোগাযোগ কৰা নাই বা কেন্দ্ৰই কোনো মতামত বিচৰা নাই ৷ প্ৰণিধানযোগ্য যে, বান গৰাখহনীয়া সমস্যাৰ অধ্যয়নৰ অৰ্থত উত্তৰ অসম ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে লখিমপুৰ ধুনাগুৰি, ন আলি বালিঘাটৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি উত্তৰ লখিমপুৰ আৱৰ্ত ভৱনত নৈশ যাপন কৰে আৰু বুধবাৰে পুৱা বগী নদীৰ হেকেৰাজানৰ সোৱণশিৰিৰ খহনীয়া পৰিদৰ্শন কৰি মাজুলীলৈ ৰাওনা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in