ঘগ্ৰাপাৰত বিজেপি প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ…

ঘগ্ৰাপাৰত বিজেপি প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ সমাগত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ৮নং মংগলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ শনিবাৰে নলবাৰীত দুখনকৈ নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰথমে বৰবৰীৰ বাসন্তী পূজাৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পিছত বিয়লি ৫ বজাত তেওঁ ঘগ্ৰাপাৰৰ এখন নিৰ্বাচনী সভাত অংশ লয়।

ঘগ্ৰাপাৰ ষ্টেডিয়াম প্ৰাংগনত আয়োজিত উক্ত নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'কংগ্ৰেছৰ শাসন কালত আন্দোলন নকৰাকৈ একো পোৱা নাছিল ৰাইজে। আমাৰ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত অসমত কে'বাখনো বৃহৎ দলং নিৰ্মাণ হ'ল। ড০ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে হ'লেও ভাৰত ৰত্ন প্ৰদান কৰিলে। ৪ খন নতুন মেডিকেল কলেজৰ লগতে ২০খন পলিটেকনিক কলেজ, মংগলদৈত স্কীল বিশ্ববিদ্যালয় স্থাপন কৰি ৰাজ্যত বৈপ্লিবিক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে মোডী চৰকাৰে।'

প্ৰায় ৭ সহস্ৰাধিক লোকৰ সমাগম হোৱা সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কটাক্ষ কৰি কংগ্ৰেছ কোনো কাৰণতে বিজেপিৰ শুভাকাংক্ষী হ'ব নোৱাৰে বুলি মন্তব্য কৰি দলটোক ঠগ আৰু প্ৰবঞ্চকৰ দল আখ্যা দিয়ে সোণোৱালে। উক্ত নিৰ্বাচনী সভাখনৰ আঁত ধৰে নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক অঞ্জন শৰ্মাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in