কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে…

কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে…

ডিজিটেল ডেস্কঃ গুৱাহাটী টাউন ক্লাৱৰ এক অনুষ্ঠানত অংশ ল'বলৈ গৈ হঠাৎ অসুস্থ হৈ পৰা জুবিন গাৰ্গৰ খবৰ ল'বলৈ শনিবাৰে নেমকেয়াৰ হাস্পতালত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকৰ পৰা বুজ লোৱাৰ লগতে শিল্পীজনৰ সৈতেও কিছু সময় কথা পাতে।

উল্লেখযোগ্য যে, শুকুৰবাৰে জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ খবৰ পোৱাৰ পাছতে গুজৰাটৰ পৰা ফোনযোগে তেওঁ খবৰ লৈছিল। ড০ শ্যাম প্ৰসাদ মুখাৰ্জী বঁটা গ্ৰহণ কৰিবলৈ গুজৰাটলৈ যোৱা সোণোৱালে গুৱাহাটীলৈ ঘূৰি আহিয়েই জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লয়।

ইফালে, নেমকেয়াৰ হাস্পতালৰ চৌহদত জুবিন গাৰ্গক ভৰ্তি কৰাৰ পাছৰ পৰাই যথেষ্ট সংখ্যক তেওঁৰ অনুৰাগীয়ে ভিৰ কৰিছেহি। জুবিন গাৰ্গৰ স্বাস্থ্যৰ খবৰ ল'বলৈ যোৱাসকলৰ ভিতৰত আছিল মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়িকা আঙুৰলতা, অভিনেতা যতীন বৰা আদি।

বলীউডৰ একাংশ শিল্পীয়েও জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত উদ্বিগ্ন হৈ তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। গায়ক ছানে টুইটাৰযোগে বন্ধু জুবিনৰ আৰোগ্য কামনা কৰে। আনহাতে চিকিৎসকে জানিবলৈ দিয়া মতে, যাৱতীয় পৰীক্ষা নিৰীক্ষাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ'ব শিল্পীজনক।

ইয়াৰ পূৰ্বেও জুবিন গাৰ্গে এবাৰ অচেতন হৈ পৰিছিল। সেইবাৰ পশ্চিম বংগত এক অনুষ্ঠান পৰিৱেশন কৰি গুৱাহাটীলৈ ঘূৰি অহাৰ সময়ত গাড়ীৰ ভিতৰতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল। চিকিৎসকে ইতিমধ্যে জুবিন গাৰ্গ উচ্চ ৰক্তচাপ জনিতৰোগত আক্ৰান্ত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। অৱশ্যে তেওঁ স্নায়ুজনিত কিবা ৰোগ আছে নে নাই সেই সন্দৰ্ভত পৰীক্ষা কৰি থকা হৈছে।

প্ৰিয় শিল্পীজনৰ খবৰ ল'বলৈ নেমকেয়াৰলৈ দৌৰি যোৱা অনুৰাগী সকলৰ বহুতেই নিশা চিকিৎসালৰ চৌহদতে কটায়। সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এনে পৰিপ্ৰেক্ষিতত চিকিৎসালয়খনত ভৰ্তি হৈ থকা আন ৰোগী সকলৰ যাতে অসুবিধা নহয়, তাৰ প্ৰতি সচেতন হ'বলৈ অনুৰাগী সকলক বিনম্ৰ অনুৰোধ জনাইছে নেমকেয়াৰ কৰ্তৃপক্ষই।

পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শনিবাৰে জুবিন যোৱাৰ কথা আছিল কাকোপথাৰলৈ। তেওঁৰ নামত নিৰ্মাণ কৰা এখন দলং উদ্ধোধন কৰাৰ কথা আছিল যদিও অসুস্থতাৰ বাবে জুবিনৰ এই কাৰ্যসূচী বাতিল কৰা হয়। চিকিৎসকে তেওঁক কিছু দিনৰ জিৰণিৰ পৰামৰ্শ দিয়াত পৰৱৰ্তী কেইবাটাও দিনৰ কাৰ্যসূচী শিল্পীগৰাকীয়ে বাতিল কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in