সাংবাদিকসকল সমাজৰ বিবেকঃ ‘গুড উইল মিছন’ৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

সাংবাদিকসকল সমাজৰ বিবেকঃ ‘গুড উইল মিছন’ৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

ডিজিটেল সংবাদ,কৃষ্ণাই: শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত 'গুড উইল মিছন'ৰ অধীনত হিমাচল প্ৰদেশ আৰু চণ্ডীগড়লৈ প্ৰেৰণ কৰিবলগীয়া গ্ৰাম্য সাংবাদিকৰ দলটোৰ যাত্ৰাৰ শুভাৰম্ভ কৰে।

এই উপলক্ষে জনতা ভৱনৰ ভূমি মহলাৰ সভাগৃহত শুকুৰবাৰে অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।
উক্ত অনুষ্ঠানত ১৬ গৰাকী সাংবাদিকক ফেল'শ্বিপৰ বাছনি পত্ৰ আৰু মিডিয়া ট্ৰাষ্ট, অসমক ১০ লাখ টকাৰ অনুদান প্ৰদান কৰা হয়।

এই অনুষ্ঠানতে সাংবাদিক চিকিৎসা আঁচনিৰ অধীনত ৩৯ গৰাকী নিৰ্বাচিত সাংবাদিকৰ মাজত চিকিৎসা ব্যয়ৰ বাবে অনুদান বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে – "সাংবাদিকসকল সমাজৰ বিবেক। সমাজৰ কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰ কৰিবলৈ আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব।"

অনুষ্ঠানত মাননীয় বিধায়ক ঋতুপৰ্ণ বৰুৱা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰশান্ত ফুকন, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, আইনী উপদেষ্টা শান্তনু ভৰালী, তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, তথ্য আৰু জনসংযোগ অসমৰ সঞ্চালক অনুপম চৌধুৰীৰ লগতে বিশিষ্ট ব্যক্তিসকল অনুষ্ঠানত উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in