ডিমৌৰ কোৱাৰেণ্টাইন চেণ্টাৰ আৰু শিৱসাগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে…

ডিমৌৰ কোৱাৰেণ্টাইন চেণ্টাৰ আৰু শিৱসাগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে…

ডিজিটেল সংবাদ,শিৱসাগৰঃ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসীক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছে৷ অসমৰ জনসাধাৰণৰ আস্থা আৰু বিশ্বাস, আৰ্শীবাদ আৰু আন্তৰিক সহযোগিতাৰ বাবেই ৰাজ্য চৰকাৰখনে সফলতাৰে চাৰিটা বছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল বুলি উল্লেখ কৰি আগন্তুক সময়ছোৱাতো জনসাধাৰণৰ পৰা একেই সঁহাৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱা চাৰিটা বছৰত ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে যথাসম্ভৱ সকলো প্ৰচেষ্টাই গ্ৰহণ কৰি আহিছে৷ জনসাধাৰণৰ সহযোগিতাৰ বাবেই আজি ৰাজ্যখনে দ্ৰুত গতিৰে উন্নয়নৰ দিশেৰে অগ্ৰসৰ হৈছে৷ সাম্প্ৰতিক ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশাৱলী মানি চলি লক্‌ডাউনৰ কাৰ্যসূচী সফল কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে৷

মুখ্যমন্ত্ৰীয়ে সাম্প্ৰতিক প্ৰতিকূল পৰিস্থিতিত আগবঢ়োৱা সহযোগিতাৰ বাবে সংবাদ মাধ্যমৰো বিশেষভাৱে শলাগ লয়৷ ৰাজ্যখনৰ প্ৰতিগৰাকী লোকেই যাতে সুস্থ-সৱল আৰু নিৰোগী হৈ থাকে তাৰ বাবে ৰাজ্য চৰকাৰে সন্মিলিত প্ৰচেষ্টাৰে অহৰ্নিশে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আজি শিৱসাগৰ জিলাৰ ডিমৌস্থিত শিৱসাগৰ পলিটেক্‌নিক প্ৰতিষ্ঠানৰ কোৱাৰেণ্টীন চেণ্টাৰ আৰু শিৱসাগৰ নগৰস্থিত উড নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ক'ভিড-১৯ ৰ সমান্তৰালভাৱে বানপানী আৰু গৰাখহনীয়াৰ বিৰুদ্ধেও ৰাজ্য চৰকাৰে কাম কৰিবলগীয়া হৈছে৷ বানপানীৰ সময়ছোৱাত যাতে উদ্ধাৰ, সাহায্য অভিযান ত্বৰান্বিত কৰিব পৰা যায় তাৰ বাবে প্ৰতিখন জিলাতে সুকীয়া গোট গঠন কৰাৰ বাবে ৰাজ্যখনৰ প্ৰতিগৰাকী উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে, ক'ভিড-১৯ ৰ সমান্তৰালভাৱে বানপানী আৰু গৰাখহনীয়াৰ ফলত সৃষ্টি হোৱা সমস্যা মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷

বানপানীৰ সময়ত ল'বলগীয়া সকলো ধৰণৰ ব্যৱস্থাৰাজি জিলা প্ৰশাসনে ইতিমধ্যে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বানপানীৰ সময়ত জনসাধাৰণে সকলো ধৰণৰ সহযোগিতা লাভ কৰাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে৷ ক'ভিড-১৯ আৰু বানপানীৰ সন্মুখীন হোৱা জনসাধাৰণে মনোবল অটুট ৰাখিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অনাগত দিনত ক'ভিড-১৯ এ অধিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব৷ ইয়াক মোকাবিলা কৰাৰ বাবে আমি সকলোৱে ঐক্যৱদ্ধ হৈ যুঁজ দিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷

মুখ্যমন্ত্ৰীয়ে কয় যে চতুৰ্থ পৰ্যায়ৰ লক্‌ডাউনতো জনসাধাৰণে চৰকাৰক সহযোগিতা আগবঢ়াইছে৷ গৃহ অথবা প্ৰাতিষ্ঠানিক কোৱাৰেণ্টীনত থকা সকলো লোককে স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশাৱলী মানি চলিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশাৱলী উলংঘা কৰিলে বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে, বহিঃৰাজ্যত থকা অসমৰ লোকসকলক ৰাজ্যখনলৈ অহাৰ ক্ষেত্ৰত অন্য ৰাজ্য চৰকাৰসমূহে আন্তৰিক সহযোগিতা আগবঢ়াইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'আত্মনিৰ্ভৰ ভাৰতবৰ্ষ'ৰ অধীনত ২০ লাখ কোটি টকাৰ যি আৰ্থিক পেকেজ ঘোষণা কৰিছে তাৰ জৰিয়তে ৰাজ্যখনৰ সকলো ক্ষেত্ৰকে আগুৱাই নিব পৰাকৈ ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে৷

কোৱাৰেইণ্টীন চেণ্টাৰ পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে তাত থকা চিকিৎসক, বিষয়া- কৰ্মচাৰীসকলৰ সৈতেও মত-বিনিময় কৰি ব্যৱস্থাৰাজিৰ বুজ লয়৷ উল্লেখ্য যে মুম্বাই, চেন্নাই, কেৰালা, বাংগালুৰু, দিল্লী আদি বহিঃৰাজ্যৰ পৰা অহা ৭৩ গৰাকী লোক এই কেন্দ্ৰত কোৱাৰেণ্টীন হৈ আছে৷

আজিৰ এই পৰিদৰ্শনৰ সময়ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়কসকল ক্ৰমে কুশল দুৱৰী, নৱনীতা সন্দিকৈ, চক্ৰধৰ গগৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈ, আৰক্ষী অধীক্ষক অমিতাভ সিন্‌হা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক স্যমন্ত মাধৱ শৰ্মা প্ৰমুখ্যে জিলাখনৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in