বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ… VIDEO

বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ… VIDEO

ডিজিটেল সংবাদ, চেঙা: বিগত কেইবাদিন ধৰি ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণ আৰু বাঢ়নী পানীৰ ফলত মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি আন নৈ, উপ-নৈ সমূহৰ জলস্তৰ বৃদ্ধি পোৱাত এক প্ৰকাৰ নৈপৰীয়া লোকসকলৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ আন ঠাইসমূহৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ গোৰাক্ষাট্টাৰী-লাৰকুছি আদিকে ধৰি কেইবা ঠাইতো ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া অব্যাহত থকাত কুৰি গৰাকীৰো অধিক পৰিয়ালে নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বিপৰীতে জলসম্পদ বিভাগৰ মথাউৰিৰ উত্তৰফালৰ লোকসকলৰ জীৱনলৈ আহিছে তীব্ৰ ভাবুকি৷

গোৰাক্ষাট্টাৰী-লাৰকুছি অঞ্চলৰ গৰাখহনীয়াস্থলীত শনিবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দৌলাশাল-লাৰকুছি গাঁও পঞ্চায়তৰ ৩নং লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া আৰু বান বিভীষিকা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশনা প্ৰদান কৰে।

পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে- বৰ্তমান সময়ত ৰাজ্যৰ জনসাধাৰণে চাৰিটা দুৰ্যোগৰ বিৰুদ্ধে একেলগে যুঁজ দিবলগীয়া হৈছে৷ কভিড-১৯, ধুমুহা, বানপানীৰ সমান্তৰালভাৱে অসমৰ কৃষক ৰাইজৰ আন এক প্ৰত্যহ্বান হিচাপে থিয় দিছে আফ্ৰিকান ছোৱাইন ফ্লুৱে৷ আমি সকলোৱে মনোবল বৃদ্ধি কৰি এই দুৰ্যোগৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিব লাগিব আৰু আমি এই যুঁজত জিকিব লাগিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে- কোৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে লকডাউন আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত মথাউৰিৰ কাম সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিব পৰা নগ'ল যদিও যিকোনো প্ৰকাৰে আমি গৰাখহনীয়া ৰোধৰ বাবে চেষ্টা চলাব লাগিব৷ ডি আৰ ডি এ-য়ে নিৰ্মাণ কৰা মথাউৰি কোনো কোনো প্ৰান্তত ভাঙিছে আৰু আন কোনো ঠাইত নতুনকৈ খহনীয়া আৰম্ভ হোৱাত অসম চৰকাৰে সময়মতে মথাউৰি নিৰ্মাণৰ নিবিদাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও লকডাউনৰ বাবে কামবোৰ কৰিব পৰা নগ'ল ৷ বানপানীৰ এই সময়ছোৱাত খহনীয়া প্ৰতিৰোধ কৰিব পৰা নাযাব অৱশ্যে খৰালিৰ সময়ত খহনীয়া ৰোধৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয়তা প্ৰদান কৰে ৷

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কোনো কাৰণতে দুৰ্নীতিৰ লগত আপোচ কৰা নহ'ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ খহনীয়া প্ৰতিৰোধৰ বিষয়টো পঞ্চদশ বিত্তীয় বৰ্ষৰ অধীনত প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ পৰা অধ্যক্ষক প্ৰতিবেদন দিয়া হৈছে আৰু বিষয়টো বিবেচনা কৰাৰ বাবে আহ্বান জনোৱা হৈছে বুলিয়ে কয় । সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মৎস্যজীৱী আৰু কৃষকসকলৰ সমস্যাক চৰকাৰে গুৰুত্বসহকাৰে লোৱা হ'ব বুলিও জানিবলৈ ।

ইফালে, শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অহাৰ পূৰ্বেই ৰামপুৰ-লাৰকুছি অঞ্চলৰ ভগ্ন মথাউৰি আৰু কদৰ্যময় পথ মেৰামতিৰ বাবে শ শ শ্ৰমিকৰ দ্বাৰা ৰাতিপুৱাৰে পৰা যুদ্ধকালীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে ৷ মন কৰিবলগীয়া যে, জলসম্পদ বিভাগ কিম্বা গড়কপ্তানি বিভাগৰ কোনো দিনে কোনো কালে উক্তস্থানত উপস্থিত হৈ নোপোৱা একাংশ বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে শনিবাৰে পুৱাৰ পৰাই লাৰকুছি অঞ্চলত ভিৰ কৰা পৰিলক্ষিত হৈছে । অৱশ্যে বৰক্ষেত্ৰীৰ গৰাখহনীয়াৰ ক্ষেত্ৰত বিধায়ক নাৰায়ণ ডেকা আৰু স্থানীয়লোকৰ তৎপৰতাক মুখ্যমন্ত্ৰীগৰাকীয়ে শলাগ লয় ।

মুখ্যমন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, জিলা আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কংকণ শৰ্মাৰ লগতে দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in