বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। টুইটযোগে এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰি কয় যে বাজপেয়ীৰ নেতৃত্বতে দেশে এক নতুন গতি লাভ কৰিছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। বাজপেয়ীৰ এটি কবিতাৰেই টুইটযোগে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে মন্ত্ৰীগৰাকীয়ে।

তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে।

ইফালে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো বাজপেয়ীৰ মৃত্যুত সৃষ্টি হৈছে এক শোকাকূল পৰিস্থিতিৰ। প্ৰয়াত নেতাগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত প্ৰস্তুতি চলাইছে দলটোৰ কৰ্মীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in