নাৰায়ণপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ…

নাৰায়ণপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: নাৰায়ণপুৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নাৰায়ণপুৰত নিৰ্মীয়মাণ অৱস্থাত থকা শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কোভিড প্ৰট'কলৰ বাবে পূৰ্বে সাজু কৰি ৰখা আনুষ্ঠানিক সভা বাতিল কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । কলাক্ষেত্ৰখনৰ চৌহদ পৰিভ্ৰমণ কৰি নিৰ্মানকাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ আগন্তুক ৯ মাহৰ পৰা এবছৰৰ ভিতৰত কলাক্ষেত্ৰ খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ পৰিচালনাৰ দ্বায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিক অৰ্পন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক অবগত কৰে ৷

ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পৰিচালনা সমিতিক মাধৱদেৱ কলাক্ষেত্ৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি উল্লেখ কৰি এই প্ৰকল্পটো State Priority Project হিচাপে গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ উল্লেখ্য যে, আনহাতে কোভিড ভেকচিনৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্তব্য আগবঢ়ায় ৷ অহা ১৫ আগষ্টৰ ভিতৰত প্ৰথম পালি ভেকচিনেশ্যনৰ কাম সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে মাইক্ৰফাইনেঞ্চ কোম্পানীৰ ভালৰ বাবেহে কাম কৰিছে বুলি সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈয়ে অংক নাজানে বুলি মন্তব্য কৰে ৷

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ১২ হাজাৰ কোটি টকাৰ ঋণ কমাই ৮ হাজাৰ কোটি কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ চাৰি হাজাৰ কোটি টকা মাইক্ৰফাইনেঞ্চ কোম্পানীক লোকচান কৰাই দিয়াটো ভাল কাম নেকি বুলিও সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ পৰিদৰ্শণ কালত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড.অমীয় কুমাৰ ভূঞা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, লখিমপুৰ আৰু গহপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা আৰু উৎপল বৰাই । উল্লেখ্য যে, নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী কান্ত গোস্বামীয়ে দান সূত্ৰে আগবঢ়োৱা ভূমিত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০০৭ চনত উত্তৰ অসমৰ ৰাইজৰ সপোন শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল যদিও বিগত ১৪ বছৰ কলাক্ষেত্ৰ খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in