অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ কাৰ্যকালৰ শুভাৰম্ভণি

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ কাৰ্যকালৰ শুভাৰম্ভণি

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে দেওঁবাৰে বন্ধৰ দিনটোতে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শুভাৰম্ভ কৰে৷ দিনৰ প্ৰায় ১১ বজাত সচিবালয়ত প্ৰবেশ কৰাৰ সময়ত আই টি বি পিৰ জোৱানে পেমা খান্দুক গাৰ্ড অব অনাৰ প্ৰদান কৰে৷ তাৰ পাছত সচিবালয়ৰ ষষ্ঠ মহলাত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কোঠাত প্ৰবেশ কৰে খান্দুৱে৷

বৌদ্ধ ধৰ্মৰ লামাৰ মন্ত্ৰোচাৰণৰ মাজত খান্দুৱে নিজৰ আসন গ্ৰহণ কৰে৷ তাৰ পূৰ্বে মুখ্যমন্ত্ৰী খান্দুক আদৰণি জনায় মুখ্য সচিব সত্য গোপাল আৰু তেওৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলে৷ কাৰ্যালয়ত আসন গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকতো অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in