ডিব্ৰুগড়ৰ ১৬১ নং বুথত ‘বুথ কী বাত’ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

ডিব্ৰুগড়ৰ  ১৬১ নং বুথত ‘বুথ কী বাত’ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

ডিজিটেল ডেস্ক : সমগ্ৰ অসমতে ৰাজ্যিক বিজেপিৰ বুথ কী বাত কাৰ্যসূচী ৰূপায়ন কৰা হয় । সমগ্ৰ ৰাজ্যত ২৮ হাজাৰ বুথত এই কাৰ্যসূচী পালন কৰা হয় । ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত প্ৰতিটো বুথৰ কাৰ্যকতা সকলে স্থানীয় ৰাইজৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰে ।

ডিব্ৰুগড় বিধান সভা সমষ্টিৰ ১৬১ নং বুথত 'বুথ কী বাত' অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কাৰ্যসূচীত অংশগ্ৰহন কৰি সৰ্বানন্দ সোণোৱালে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ জনগনৰ বাবে বহু কাম কৰিছে । বহু আচনি হাতত লৈছে । বৰাক,ব্ৰহ্মপুত্ৰ,পাহাৰ ভৈয়ামৰ প্ৰতিটো পৰিয়াল উপকৃত হৈছে । এই কথা সমূহ ৰাইজৰ সৈতে আলোচনা কৰিব বুথৰ কাৰ্যকৰ্তা সকলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in