খানাপাৰাত উপায়ুক্তৰে মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক

খানাপাৰাত উপায়ুক্তৰে মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক

ডিজিটেল সংবাদ, গুৱাহাটী: খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত মঙলবাৰে উপায়ুক্তসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

বৈঠকত চৰকাৰৰ অভিলাষী আঁচনি আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। প্ৰতিখন জিলাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু আধাৰ কাৰ্ডৰ কাম-কাজৰ প্ৰসংগয়ো বৈঠকত স্থান পায়।

আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰে। বৈঠকত কেবাটাও বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in