সৰ্বানন্দ সোণোৱালে স্থাপন কৰিলে মৈত্ৰী আঁচনিৰ অধীনত পি.ই.বি প্ৰযুক্তিৰে নিৰ্মিত আৰক্ষী নিবেশৰ আধাৰশিলা…

সৰ্বানন্দ সোণোৱালে স্থাপন কৰিলে মৈত্ৰী আঁচনিৰ অধীনত পি.ই.বি প্ৰযুক্তিৰে নিৰ্মিত আৰক্ষী নিবেশৰ আধাৰশিলা…

ডিজিটেল ডেস্কঃ দেওবাৰে সমগ্ৰ ৰাজ্যত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৈত্ৰী আঁচনিৰ অধীনত পি.ই.বি প্ৰযুক্তিৰে নিৰ্মিত উন্নত সুবিধাযুক্ত আৰক্ষী নিবেশৰ আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ন কৰে।মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলীত উপস্হিত থাকি অনলাইন যোগে স্থাপন কৰিলে এই আধাৰশিলা সমূহ।

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো মুখ্যমন্ত্ৰী গৰাকীৰ সমান্তৰালকৈ অনলাইন যোগে স্থাপন কৰিলে বিশ্বনাথ জিলাৰ তিনিখনকৈ আৰক্ষী নিবেশ ।বিশ্বনাথ জিলাৰ ঘাঁহিগাও,জিনজিয়া আৰু বিশ্বনাথ আৰক্ষী থানাৰ আৰক্ষী নিৱেশৰ আধাৰশিলা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে স্থাপন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শ‌ইকীয়া, বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক মুজ্জাফৰ হুছেইন, গাঁও ৰক্ষী বাহিনীৰ উপদেষ্টা কুশল ভাগৱতীয়ে।

আনহাতে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো দীৰ্ঘ দিনৰ পৰা আৰক্ষীৰ লোক সকল থাকিবলৈ উন্নত মানৰ নিবাস নথকাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈ আছিল। কিন্তু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষীৰ বাবে লোৱা পদক্ষেপৰ পৰা নিশ্চিত ভাবে আৰক্ষী বিভাগৰ লোক সকল উপকৃত হ'ব বুলি ধাৰণা কৰিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in