মুখ্যমন্ত্ৰী সোণোৱালে কলকাতাত উদ্বোধন কৰিলে নৱনির্মিত “সংযোজিত অসম ভৱন আৰু বাণিজ্য কেন্দ্ৰ তথা যুৱ নিৱাস”

মুখ্যমন্ত্ৰী সোণোৱালে কলকাতাত উদ্বোধন কৰিলে নৱনির্মিত “সংযোজিত অসম ভৱন আৰু বাণিজ্য কেন্দ্ৰ তথা যুৱ নিৱাস”

ডিজিটেল ডেস্কঃ দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কলকাতাত উদ্বোধন কৰিলে নৱনির্মিত "সংযোজিত অসম ভৱন আৰু বাণিজ্য কেন্দ্ৰ তথা যুৱ নিৱাস"। লগতে উন্মোচন কৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভৰালী, প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ লগতে আন কেবাগৰাকী গণ্যমান্য ব্যক্তি।

প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তিটোৱে অসমীয়া ভাষা, সাহিত্যৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ চানেকি বহন কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেখেতে লগতে কয়, এই প্ৰতিমূৰ্তিটোৱে অসম আৰু পশ্চিম বংগৰ মাজৰ সাহিত্য-সংস্কৃতিৰ সমন্বয়ৰ ধাৰাক অধিক শক্তিশালী কৰিব। উল্লেখ্য যে, এই ভৱনটো ১১ মহলীয়া। পুৰুষ-মহিলাৰ বাবে পৃথকভাৱে ৩৫টা কোঠা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in