দিল্লীত উত্তপ্ত পৰিস্থিতি! টুইটাৰযোগে উপ ৰাজ্যপাল-গৃহমন্ত্ৰীক আহ্বান কেজৰিৱালৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ দিল্লীত নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। জাফৰাবাদ আৰু মোজপুৰত দেওবাৰে নিশা সংঘটিত হয় হিংসাত্মক ঘটনা। সোমবাৰেও সংঘৰ্ষ, হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা যায়।

সোমবাৰে দুপৰীয়া ৰাজ্যখনৰ ভজনপুৰা এলেকাত 'কা'ৰ বিৰোধী আৰু সমৰ্থকসকল মুখামুখি হয়। আৰু দিল্লীৰ বৰ্তমানৰ আইন শৃংখলাজনিত পৰিস্থিতিক লৈ চিন্তিত হোৱা দেখা গৈছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰযোগে কয় যে, 'দিল্লীৰবিভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ খবৰ লাভ কৰা হৈছে, যি অতিদুখজনক। মই উপ ৰাজ্যপাল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক দিল্লীৰ আইন শৃংখলাজনিতপৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in