মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল’গানৰ পৰা হেৰাল জাতি

মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল’গানৰ পৰা হেৰাল জাতি

ডিজিটেল সংবাদ, ওদালগুৰি-ওৰাংঃ আন্দোলনকাৰী দল সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ পৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। মঙলবাৰে ওদালগুৰিৰ মাজবাটত অনুষ্ঠিত বাথৌ মহাসভাৰ অধিৱেশনৰ অন্তিম দিনৰ মুকলি সভাত উপস্থিত হৈ আন্দোলনকাৰী দল সংগঠনৰ বিৰুদ্ধে মূখ্যমন্ত্ৰীগৰাকী সৰৱ হৈ পৰা দেখা যায়। আন্দোলনৰ নামত শিক্ষাৰ্থীক ৰাজপথলৈ উলিয়াই অনা কাৰ্য মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে।

ওদালগুৰি জিলাৰ মাজবাটৰ লামাবাৰী মাইনাও পথাৰত বিগত ১৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হয় সদৌ বাথৌ মহাসভাৰ ২৬ সংখ্যক কেন্দ্ৰীয়, ওদালগুৰি জিলা সমিতিৰ ২৮ সংখ্যক আৰু মাজবাট আঞ্চলিক বাথৌ মহাসভাৰ ৰূপালী জয়ন্তী বৰ্ষৰ অধিৱেশন। সোমবাৰে অন্তিম দিনাৰ মুকলি সভাত মূখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। মুখ্য অতিথি হিচাপে ৰাজনৈতিক ভাষণেৰে তেওঁ উত্তাল কৰি তোলে ধৰ্মীয় অনুষ্ঠানৰ মুকলি সভাখন।

ইয়াৰ পূৰ্বে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৱে প্ৰদান কৰা আদৰণি ভাষণত অধিৱেশনখন তথা বাথৌ ধৰ্মৰ তাৎপৰ্য ব্যাখ্যা কৰে। মুখ্য অতিথিৰ ভাষণত মুখ্যমন্ত্ৰীগৰকীয়ে বড়োসকলৰ খেৰাই নৃত্য দেখি অভিভূত হোৱা বুলি উল্লেখ কৰে। ইপিনে ভাষণত মূখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনক সমালোচনা কৰি কয় যে পূৰ্বে জনসাধাৰণে নতুনত্ব বিচাৰি পোৱা নাছিল বাবে দেশৰ পৰিৱৰ্তন হোৱা নাছিল।

কংগ্ৰেছে ১৫ বছৰে কৰিব নোৱাৰা কামবোৰ বৰ্তমানৰ বিজেপি চৰকাৰখনে আঢ়ৈ বছৰতে সম্পূৰ্ণ কৰিছে। ২০১৪ চনৰ পৰা দেশৰ শাসনৰ জৰী বিজেপিৰ হাতলৈ অহাৰ পাছত দেশখন উন্নয়ণৰ দিশলৈ আগবাঢ়ি গৈছে। পূৰ্বৰ চৰকাৰৰ দিনত বিভিন্ন কেলেংকাৰী সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰ খাতি খোৱা জনগণ‌ই পৰিবৰ্তন তথা উন্নয়ণ কি সেই বিষয়ে জনা নাছিল। উন্নয়ণৰ খতিয়ান দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আগন্তুক দিনত ৰাজ্য চৰকাৰখনে ১১৩৬ খন দলং পকীকৰণ কৰিব।

ইয়াৰ প্ৰথম পৰ্যায়ত ৩৯৪ খন বিটিচি অঞ্চলৰ বাবে নিৰ্দ্ধাৰণ কৰা হৈছে। ইয়াৰে ভিতৰত ওদালগুৰিত ১৬খন, বাক্সাত ১০খন, চিৰাঙত ৯খন আৰু কোকৰাঝাৰৰ বাবে ১২ খন দলং পকীকৰণৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান ৰাজ্যত একাংশ অপশক্তিয়ে অপপ্ৰচাৰ চলাই অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। উক্ত সভাত আন্দোলনকাৰী দল-সংগঠনৰ ওপৰত সৌচ্চাৰ হৈ পৰে মূখ্যমন্ত্ৰীগৰাকী। আন্দোলনৰ নামত উক্ত দল-সংগঠনসমূহে ৰাজপথলৈ শিক্ষাথীসকলক উলিয়াই অনা কাৰ্য মানি লোৱা নহ'ব বুলি একপ্ৰকাৰ সকিয়াই দিয়ে তেওঁ।

এনে কৰ্মৰ দ্বাৰা সেই দল-সংগঠনবোৰে শিক্ষাৰ্থীৰ জীৱন অন্ধকাৰলৈ ঠেলি দিয়া বুলিও সংগঠনবোৰক সমালোচনা কৰে। ইয়াৰ জৰিয়তে বিভিন্ন সমস্যাৰ বাবে কৰা চলি থকা আন্দোলনসমূহক নস্যাৎ কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে। এসময়ৰ আছুৰ সভাপতি তথা বৰ্তমানৰ মূখ্যমন্ত্ৰীগৰাকীয়ে আন্দোলনৰ বিৰুদ্ধে কৰা এনে মন্তব্যৰ পিছত আন্দোলনকাৰী দল-সংগঠনসমূহে কি স্থিতি গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

ইফালে পূৰ্বে মূখ্যমন্ত্ৰীগৰাকীয়ে সভা সমিতিত উল্লেখ কৰা জাতি-মাটি-ভেটিৰ শ্লোগানৰ পৰিৱৰ্তে আজি বহুবাৰ উচ্চাৰিত কৰা ভেটি-মাটি বুলি উল্লেখ কৰাৰ পাছত একাংশ উপস্থিত লোকে কয় যে, চৰকাৰখনে জাতিৰ কথা পাহৰা বাবেই শ্ল'গানৰ পৰা জাতি শব্দটো উঠাই দিলে। লগতে সাংবাদিকে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত তেওঁ মন্তব্য দিয়াৰ পৰা বিৰত থাকি আতৰি যায়।

সভাত মূখ্যমন্ত্ৰীগৰাকীয়ে বাথৌ ধৰ্মীয় ৰীতিনীতি সম্পৰ্কত গৱেষণাৰ বাবে বিশেষ পেকেজ ঘোষণা কৰে। মুকলি সভাখনত উপস্থিত থকা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সোমবাৰে উক্ত সভাত বিজেপি চৰকাৰখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা যায়। পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে বিটিচিৰ বাবে ১৫ বছৰত কৰিব নোৱাৰা কাম বৰ্তমানৰ বিজেপি চৰকাৰখনে আঢ়ৈ বছৰতে কৰা বুলি তাৎপৰ্যপূণ মন্তব্য প্ৰদান কৰে।

সভাত মন্ত্ৰী ৰিহন দৈমাৰী, চন্দন ব্ৰহ্ম, লোকসভাৰ সাংসদ ৰমেন ডেকা, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে বহু বিধায়ক আৰু বিটিচিৰ ইএম, এমচিএলএ উপস্থিত থাকে। ইফালে প্ৰথমাৱস্থাত লামাবাৰী চাহ বাগিচাৰ সমীপত হেলিপেড নিৰ্মাণৰ কথা আছিল যদিও ক'লা পতাকা অথবা প্ৰতিবাদৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক আতৰাই ৰাখিবলৈ পৰৱৰ্তী সময়ত অধিৱেশনস্থলীৰ মঞ্চৰ পাছফালে হেলিপেড নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীয়ে কয়, ৰাজ্য আৰু কেন্দ্ৰত বিজেপি চৰকাৰ হ'ব। ২০১৯ৰ নিৰ্বাচন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ মোডীয়ে হ'ব বুলি পুনৰ দোহাৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আনহাতে ছয় জনজাতিৰ জনজাতীকৰনকলৈ ট্ৰাইবেল সংঘই চলোৱা আন্দোলন লৈ মুখ্যমন্ত্রী সৈতে হাগ্ৰামা মহিলাৰী আৰু ট্ৰাইবেল সংঘৰ বৈঠকত উপস্হিত থাকিম বুলি সংঘৰ সভাপতি আদিত্য খাখলাৰীয়ে পলোৱা বুলি গুৰুতৰ অভিযোগ কৰে মহিলাৰীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in