কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক’লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু

কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক’লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু

ডিজিটেল সংবাদ, তেজপুৰঃ ঋক বেদত কৈছে মা আদি গুৰু। এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু আৰু মাতৃ। মহিলাসকল মহাশক্তি। তেজপুৰত বৃহস্পতিবাৰৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হোৱা সৰ্ব্ব ভাৰতীয় মহিলা কবি সন্মিলনৰ গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্যমন্ত্ৰী সোণোৱালে শুকুৰবাৰে মহিলা কবি সকলক মাতৃৰ লগত তুলনা কৰি এই দৰে কয়। উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা চাৰি শতাধিক মহিলা কবিৰ উপস্থিতিত তেজপুৰৰ পেষ্টৰেল চেন্টাৰত  অখিল ভাৰতীয় কবিয়িত্ৰী সন্মিলনৰ উনবিংশতিতম মহাধিবেশন অনুষ্ঠিত হৈছে। 

অখিল ভাৰতীয় কবিয়িত্ৰী সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ড° লাৰী আজদৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা এই গাৰ্ম্ভীৰ্যপূৰ্ণ সভাখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কবি সকলক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। সভাত ভাষণ দি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, কবিতাৰ জৰিয়তে কবি সকলে এখন সমাজলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে৷ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব পাৰে। ৰাষ্ট্ৰীয় মহিলা কবি সন্মিলনৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে এনে অনুষ্ঠানৰ জৰিয়তে সমাজখন সংস্কাৰ কৰা আৰু ঐক্যবদ্ধ কৰাৰ লগতে সদ্ভাৱনা আৰু আন্তৰিকতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে৷  এনে অনুষ্ঠানৰ ৰাষ্ট্ৰীয় অনুভূতিৰে সমাজখনক সুস্হ, সবল আৰু আন্তৰিকতাৰে গঢ় দিবলৈ সকলো পক্ষৰ প্ৰতি আহ্বান জনাই যুৱপ্ৰজন্মক নিচাযুক্ত দ্ৰব্য, অন্ধবিশ্বাস আদিৰ পৰা মুক্ত কৰি এখন সুন্দৰ সমাজ গঢ় দিব লাগিব। আমাৰ সংস্কৃতি পৰম্পৰা পাঁচ হাজাৰ বছৰ পুৰণি।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অন্ধ বিশ্বাস, কু সংস্কাৰ আমাৰ সমাজৰ কাৰণে প্ৰত্যাহ্বান আৰু ইয়াৰ বিৰুদ্ধে সকলো একত্ৰিত হৈ থিয় হ'ব লাগিব। আপোনালোকে কবিতাৰ জৰিয়তে নবপ্ৰজন্মক আৰ্দশগত বাৰ্তা দিব। ইয়াৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে অনুপম প্ৰকৃতিক আমি জীয়াই ৰাখিব লাগিব, গছ কোনেও নাকাটিব, আমি গছ সংৰক্ষণ কৰিব লাগিব বুলি মন্তব্য কৰে।

লগতে তেখেতে কয়, স্বাৰ্থৰ কাৰণে এনেদৰে কোনেও গছ ধ্বংস কৰিব নালাগে। ভগৱানৰ এই অনুপম উপহাৰক সংৰক্ষণ কৰাত মনোনিবেশ কৰিব লাগিব। স্বচ্চতাৰ ক্ষেত্ৰত আমাৰ দেশ বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হ'ব। কালিদাসে কবিতাৰ জৰিয়তে সমাজক শুদ্ধ পথ দেখুৱাইছিল। আমাৰ সভ্যতা সংস্কৃতি দেশৰ ভিতৰতে এক ডাঙৰ শক্তি আৰু ইয়াৰ জৰিয়তে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিব পাৰো। মহাপুৰুষ শংকৰদেৱে কৈছিল ভক্তিৰ জৰিয়তে শান্তি আহে। মুখ্যমন্ত্ৰীয়ে লগতে নিজা ভাষণত জ্যোতি, বিষ্ণু, ফণী শৰ্মাৰ কৰ্ম আৰু সাধনাৰ থলী তেজপুৰৰ ঐতিহ্যৰ বিষয়েও ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা কবি প্ৰতিনিধি সকলৰ সন্মুখত দাঙি ধৰে। 

তেজপুৰৰ পৰোৱাত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মহিলা কবি সন্মিলন খনিত মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা দুখনকৈ স্মৃতিগ্ৰন্থও উন্মোচন কৰে। অখিল ভাৰতীয় মহিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ড° লাৰি আজাদৰ পৌৰাহিত্যত অনুষ্ঠিত কবি সন্মিলনত অভ্যৰ্থনা সমিতিৰ সভাপতি ড° চাৰু চহৰীয়া নাথে  আদৰণী ভাষণ ৰাখে।

আনহাতে আদৰণী সমিতিৰ সম্পাদিকা মিনাক্ষী দেৱী আৰু আহ্বায়িকা মনোমতী কুৰ্মীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ফুলাম জাপি, গামোচা, এৰী চাদৰ আৰু স্মাৰকেৰে আদৰণী জনায়। কবি সন্মিলনত বিধায়ক অশোক ছিংঘাল, গনেশ কুমাৰ লিম্বু, ৰাজেন বৰঠাকুৰ, উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ ছিং, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিতা আৰু জন সংযোগ বিষয়া নীনা বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in