দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত মুখ্যমন্ত্ৰীঃ শুভ উদ্বোধন কৰিলে ‘অমৃত কানন’…

দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত মুখ্যমন্ত্ৰীঃ শুভ উদ্বোধন কৰিলে ‘অমৃত কানন’…
  • পহিলা মাঘৰ দিনাই কেইবাটাও উন্নয়মূলক কামৰ শুভাৰম্ভ কৰিবলৈ দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • নগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে "অমৃত কানন "।
  • আবৰ্ত ভৱনৰ কাষত স্থাপন কৰা হৈছে এই অমৃত কানন।
  • ৰাজ্য তথা দেশৰ বিভিন্ন ক্ষেত্ৰত অবদান আগবঢ়োৱা পুৰোধা ব্যক্তিৰ আবক্ষ মূৰ্তি নৰূপত স্থান দিয়া হৈছে এই উদ্যানত।
  • নগাঁৱৰ মুক্তিযোদ্ধা মহেন্দ্ৰ নাথ হাজৰিকা , হলধৰ ভূঞা , দেবকান্ত বৰুৱা , পূৰ্ণ কান্ত শৰ্মাৰ প্ৰতিমূৰ্তি নৰূপ দিয়া হৈছে উদ্যানত।
  • ভাৰতৰত্ন ড° ভূপেন হাজৰিকা , লোকপ্ৰিয় গোপীনাথ বৰদলৈ , আনন্দ ৰাম ঢ়েকিয়াল ফুকন , নেতাজী সুভাষ চন্দ্ৰ বসু , পণ্ডিত জৱাহৰ লাল নেহৰুৰ প্ৰতিমূৰ্তিক স্থান দিয়া হৈছে উদ্যানত।
  • নগাঁও চহৰৰ বিভিন্ন স্থানত বিগত দিনত স্বনামধন্য ব্যক্তিসকলৰ মূৰ্তিসমূহ সিচৰতি হৈ আছিল।
  • বিধায়ক ৰূপক শৰ্মাই নিজ চিন্তাৰে পুৰোধা ব্যক্তিসকলক উদ্যান খনত ন চিন্তাৰে নতুন প্ৰজন্মৰ আগত চিনাকি কৰোৱাবলৈ নতুনকৈ প্ৰাণ দিছে।
  • উদ্যানখনিত আলোক সজ্জা , ফুলনি , বহিব পৰা ব্যৱস্থা আদি কৰা হৈছে।
  • 'অমৃত কানন' উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মা ই নৱনিৰ্মিত দলং এখনো মুকলি কৰে।
  • আনন্দ ৰাম ঢেকিয়াল ফুকনৰ সেঁতুৰ কাষত নিৰ্মান কৰা হৈছে নতুন দলঙখনি।
  • কলঙ সুঁতিৰ ওপৰত নিৰ্মান কৰা দলঙখনি উদ্বোধন কৰি মুখ্য মন্ত্ৰী ড° শৰ্মাই ক'লে দলঙখনি নগাঁও বাসীক সমৰ্পন কৰিবলৈ পাই মই আনন্দিত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in