গৰুখুঁটি কৃষি প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

গৰুখুঁটি কৃষি প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল ডেস্কঃ দিনজোৰা কাৰ্যসূচীৰে গৰুখুঁটি কৃষি প্ৰকল্পত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কৃষিপ্ৰকল্পৰ কাষৰ ধলপুৰৰ শিৱমন্দিৰ পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ পূৰ্বে বিগত আগষ্ট মাহত এই মন্দিৰলৈ গৈছিল মুখ্যমন্ত্ৰী। মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে তেওঁ ঘোষণা কৰিছিল ধন। এই সমগ্ৰ বিষয়ৰ দায়িত্ব প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীৰ ভাতৃ তথা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক।

উল্লেখযোগ্য যে পূৰ্বেও এবাৰ এই প্ৰকল্প দৰ্শনৰ বাবে মুখ্যমন্ত্ৰী অহাৰ কথা অহাৰ কথা আছিল যদিও সেই কাৰ্যসূচী বাতিল কৰা হৈছিল।অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলাই গৰুখুঁটিত অভিযান চলাই আৰম্ভ কৰা হৈছে কৃষি বিপ্লৱৰ। বিধায়ক পদ্ম হাজৰিকাৰ নেচৃত্বত গৰুখুঁটিত কৃষি কাৰ্য কৰাৰ লগতে গুজৰাটৰ পৰা অনা হৈছে গীৰ গাই। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণত কৃষি সম্পৰ্কীয় বহু নতুন ঘোষণা কৰাৰ সম্ভাৱনা আছে।

মুখ্যমন্ত্ৰীৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি গৰুখুঁটিত ব্যাপক প্ৰস্তুতিৰে মুখ্যমন্ত্ৰীক আদৰিবলৈ সকলো ব্যৱস্থা কৰা হৈছে। এই কৃষি প্ৰকল্পস্থলীতেই নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড। গৰুখুঁটি প্ৰকল্পত ৰূপায়ণ কৰিব লগীয়া কেইবাখনো আঁচনি শুভাৰম্ভ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in