কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়ঃ মিছন সদ্ভাৱনাৰ জৰিয়তে জনতা ভৱনৰ কাম ক্ষিপ্রতাৰে কৰাৰ লক্ষ্য…

কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়ঃ মিছন সদ্ভাৱনাৰ জৰিয়তে জনতা ভৱনৰ কাম ক্ষিপ্রতাৰে কৰাৰ লক্ষ্য…
  • জনতা ভৱনত কৰ্মচাৰীসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত-বিনিময় অনুষ্ঠান।
  • শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত অন্তৰংগ আলাপ মুখ্যমন্ত্রীৰ।
  • 'সদ্ভাৱনা প্রকল্প'ৰ শুভাৰম্ভৰ অংশস্বৰূপে আয়োজিত হৈছে এই অনুষ্ঠান।
  • অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱাৰ অপকট স্বীকাৰোক্তি।
  • 'বহু কাম সময়মতে নিষ্পত্তি নহয় জনতা ভৱনত'।
  • ফাইলসমূহ পেণ্ডিং হৈ থাকে,হাতত কাগজ লৈ ঘূৰি ফুৰিব লগা হয় জনতা।
  • 'পেঞ্চনাৰসকলে পেঞ্চন সময়মতে নাপায়।
  • জনতা ভৱনৰ টেবুলতে পৰি ৰয় বহু কামৰ ফাইল।
  • জনতা ভৱনৰ কাম ক্ষিপ্রতাৰে কৰাৰ লক্ষ্য 'মিছন সদ্ভাৱনা'ৰ।
  • '১ ফেব্রুৱাৰীৰ পৰা কৰা হ'ব এই মিছন আৰম্ভ'।
  • এই প্ৰকল্পৰ জৰিয়তে ১০ মে' তাৰিখৰ ভিতৰত পুৰণি ফাইলৰ কাম শেষ কৰাৰ লক্ষ্য।
  • 'এনেই পৰি ৰোৱা ফাইলসমূহ জনতা ভৱনৰ পৰা আঁতৰোৱা হ'ব।
  • 'অলাগতিয়ালভাৱে পৰি ৰোৱা আচবাবসমূহ আঁতৰোৱা হ'ব জনতা ভৱনৰ পৰা।
  • সদ্ভাৱনা পৰ্টেল মুকলি কৰা হৈছে।
  • আবেদনকাৰীয়ে এই পৰ্টেলযোগে আবেদন কৰিব পাৰিব।
  • 'জনতাই পৰ্টেলযোগে আবেদন কৰা বিষয়সমূহ নিষ্পত্তি কৰা হ'ব এই মিছনৰ অংশস্বৰূপে।
  • ই- অফিচো মুকলি কৰা হৈছে।
  • ডিজিটেলি চৰকাৰী বিভাগৰ কাম সমাপনৰ লক্ষ্য লোৱা হৈছে।
  • এই পদ্ধতিৰ দ্বাৰা কামৰ সময় আৰু শ্রম ৰাহি হ'ব।
  • ইয়াৰ ফলত কাগজ ৰাহি হোৱাৰ লগতে বিভাগসমূহৰ তথ্য (ডাটা) হেৰুওৱা সম্ভাৱনা কমিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in