ৰাজ্যৰ প্ৰতিখন জিলাতে হ’ব ষ্টেডিয়ামঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা সকলক দিব নিযুক্তি…

ৰাজ্যৰ প্ৰতিখন জিলাতে হ’ব ষ্টেডিয়ামঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা  লাভ কৰা সকলক দিব নিযুক্তি…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত অনুন্নত আন্তঃগাঁথনিলৈ অতি শীঘ্ৰেই আহিব পৰিৱৰ্তন। ৰাজ্যৰ প্ৰতিখন জিলাতে নিৰ্মান হ'ব ষ্টেডিয়াম। কেৱল সেইয়াই নহয়, প্ৰতিভা সন্ধানৰ বাবেও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। বুধবাৰে জনতা ভৱনত লাভলীনা বৰগোহাঁইক ডি এছ পি পদত নিযুক্তি প্ৰদান কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাইকয় যে, ৰাজ্যৰ প্ৰতিখন জিলাত উন্নত মানদণ্ডৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে ৫০০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব একোখন ষ্টেডিয়াম। আনহাতে লাভলীনা বৰগোহাঁইৰ জন্মস্থান বাৰমুখীয়াত ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এখন ষ্টেডিয়াম।

শেহতীয়াকৈ ৰাজ্যত এক ক্ৰীড়াৰ পৰিৱএশ গঢ় লৈ উঠিছে। অসমৰ খালী পদসমূহত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাসকলক যোগ্যতা অনুযায়ী নিযুক্তি দিয়া হ'ব। শিক্ষাৰ দৰে ক্ৰীড়াৰ জৰিয়তেও নিজৰ লক্ষত উপনীত হ'ব পাৰি। তেনে এক পৰিবেশ অসমত গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সকলোলৈ অনুৰোধ ক্ৰীড়াক অৱহেলা নকৰিব৷ ক্ৰীড়াক উৎকৰ্ষতাৰ এক আহিলা হিছাপে লোৱা উচিত।

আনহাতে লাভলীনা বৰগোহাঁইক ডি এছ পি হিচাপে নিযুক্তি প্ৰদান কৰাৰ এই দিনটো অসম আৰক্ষীৰ বাবে অতি গৌৰৱ দিন হিচাপে উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, লাভলীনাই জাতিক বিভূষীত কৰিছে। তেওঁক আৰক্ষীলৈ আদৰণি জনাই গৌৰব অনুভব কৰিছো। লাভলিনাই অসমৰ নাম উজ্বলাবলৈ সকলো প্ৰচেষ্টা কৰিব। ৰাজ্যচৰকাৰৰ ক্ৰীড়া নীতি অনুসৰি লাভলীনাক নিযুক্ত দিয়া হৈছে। বয়স আৰু বেটচলৈ চাই অসম আৰক্ষীৰ শীৰ্ষ পদলৈ যাব লাভলীনা।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, লাভলীনাই স্নাতক উত্তীৰ্ণ হ'লে আই পি এছলৈ পদোন্নতি পাব। আনহাতে ক্ৰীড়াৰ জৰিয়তেই ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ পৰা পৰিত্ৰাণ পাববুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in