বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডঃ বেলতলাৰ বাসগৃহত উপস্থিত হৈ কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডঃ বেলতলাৰ বাসগৃহত উপস্থিত হৈ কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

ডিজিটেল ডেস্কঃ বেলতলা ছাৰ্ভেৰ চন্দন নগৰত সংঘটিত হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম। ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত। বুধবাৰে নিশা প্ৰায় ৮.২০ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় মৃত ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ বাসগৃহত। এনে ঘটনা আমাৰ সমাজৰ বাবে অতি দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

সাংবাদিকৰ আগত আৰক্ষীৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'এভিডেন্স আদি যোগতোৱা প্ৰায় সম্পূৰ্ণ হৈছে। হয়তো আৰু এদিন বা দুদিনত সকলো কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰা হ'ব।' লগতে তেওঁ কয় যে- 'গুৱাহাটী মহানগৰীত এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা ঘটিল। ৮০ বছৰ উৰ্ধৰ ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাই শান্তিপ্ৰিয় জীৱন যাপন কৰি আছিল। যিধৰণে দুয়োকে হত্যা কৰা হ'ল ই আমাৰ সমাজৰ বাবে অতি চিন্তনীয়।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in