মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন বছৰৰ প্ৰথমখন সংবাদমেল সম্বোধন…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন বছৰৰ প্ৰথমখন সংবাদমেল সম্বোধন…
  • নতুন বছৰৰ প্ৰথমটো দিনত কইনাধৰাত মুখ্যমন্ত্ৰী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • সংবাদমেলত উপস্থিত আছে বিভিন্ন সংবাদ গোষ্ঠীৰ সম্পাদক, সাংবাদিক।
  • অসম চৰকাৰৰ তৰফৰ পৰা অসমবাসীক শুভেচ্ছা মুখ্যমন্ত্রীৰ।
  • নতুন বছৰটো শক্তিশালী অসম হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ।
  • সংবাদমেলত তেওঁ কয় বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়।
  • তেওঁ কয়, দ্বিতীয়বাৰৰ বাবে মিত্রজোঁটৰ চৰকাৰ হৈছে।
  • প্রথমবাৰলৈ অকংগ্রেছী চৰকাৰ হৈছে।
  • বহুদিনৰ মূৰত উত্তৰ-পূবৰ পৰা এগৰাকী কেবিনেট মন্ত্রী পালে অসমে।
  • ৰাজনৈতিক ক্ষেত্রখনৰ কাৰণে এয়া গুৰুত্বপূৰ্ণ ঘটনা।
  • বিনয় শইকীয়া, লাভলীনা বৰগোঁহাইয়ে বেলেগ পৰ্যালয়ৈ লৈ গ'ল অসমক।
  • বিজ্ঞান, সাহিত্যৰ দিশৰ পৰা অসমৰ বাবে গুৰুত্বপূৰ্ণ বছৰ।
  • ২০২১ বৰ্ষৰটো আমাৰ বাবে বেদনাৰ বৰ্ষও আছিল।
  • কোভিডে আমাৰ মাজৰ পৰা বহু প্রতিভা, আপোন মানুহক লৈ গ'ল।
  • ৩১ ডিচেম্বৰৰ দিনটোত এটাও পথ দুৰ্ঘটনা হোৱা নাই।
  • দায়িত্ব লোৱাৰ পিছৰে পৰা জিডিপি দ্রুতগতিত আগবাঢ়িছে।
  • সকলো সশস্ত্র সংগঠন মূল সূঁতিলৈ উভতি অহাটো আমাৰ বাবে ভাল লক্ষণ।
  • চিভিল চছাইটি অফ ট্ৰাইবেল পিপ'লে এইক্ষত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।
  • ৩১খন কেবিনেট বৈঠক হ'ল ৮০০ সিদ্ধান্ত লোৱা হৈছে।
  • বসুন্ধৰাৰ জৰিয়তে ৮ লাখ আবেদন আহিছিল।
  • মিছন বসুন্ধৰাৰ জৰিয়তে ১লাখ ৮০হাজাৰ সমস্যা নিষ্পত্তি কৰা হৈছে।
  • ডি টি অ' অফিচলৈ নোযোৱাকৈয়ে সকলো কাম কৰা হ'ব।
  • ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণকৈ অনলাইন হ'ব পৰিবহণ বিভাগ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in