নিশা হাফলঙত কটাই পুৱাই নামঘৰত উপস্থিত মুখ্যমন্ত্ৰী…

নিশা হাফলঙত কটাই পুৱাই নামঘৰত উপস্থিত মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্কঃ কেবিনেট বৈঠকৰ অন্তত হাফলঙৰ আৱৰ্ত ভৱনত নিশা কটোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাই আৱৰ্ত ভৱনৰ চৌহদত গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ হাফলং নামঘৰত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰীগৰাকী। গায়ন-বায়নেৰে আদৰি নিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহত সংখ্যক ভক্ত-বৈষ্ণৱৰ উপস্থিতিত নামঘৰত সেৱা জনাই ৰাইজৰ আৰ্শীবাদ লয়।

নাম-কীৰ্তনৰ মাজত কিছু সময় কটাই তেওঁ ৰামকৃষ্ণ মিছনত উপস্থিত হয়। ইয়াৰ পিছতে হাফলং চৰকাৰী মহাবিদ্যালয়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক মহাবিদ্যালয়ৰ চৌহদত মহাবিদ্যালয়ৰ চৌহদত বৃহত সংখ্যক জনগোষ্ঠীৰ সমম্বয়স্থলী ডিমা-হাচাওৰ জনগোষ্ঠীয়ে নৃত্য-গীত পৰিৱেশনেৰে আদৰণি জনায়। বৰ্ণিল সংস্কৃতিত মুগ্ধ হৈ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ সৈতে ছেলফিও উঠে।

ইয়াৰ পিছতে দুটা নৱনিৰ্মিত ছাত্ৰাৱাস উদ্বোধন কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ সমন্বিতে অধ্যাপক আৰু পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাৰ বাবে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ১০কোটি টকা দিয়াৰ কথা ঘোষণা কৰি তেওঁ কমপক্ষেও ৫০বিঘা মাটি সুকীয়া এক কেম্পাছ মহাবিদ্যালয়ৰখনৰ বাবে উলিয়াবলৈ পৰামৰ্শ দিয়ে।

ইয়াৰ পিছত সংবাদমাধ্যমক সম্বোধন কৰা কালত তেওঁ কয়- ডিমা-হাচাওৰ সম্পদ সৌন্দৰ্য আৰু সমন্বয় অসমৰো এক বৃহত সম্পদত পৰিণত হব পাৰে। সেয়েহে আমাৰ লক্ষ্য হব অঞ্চলটোৰ পূৰ্ণ বিকাশ আৰু সুস্থিৰতাৰ লগতে উন্নয়ন পুজিঁৰ সঠিক ব্যৱহাৰৰ জৰিয়তে সকলোৰে বাবে এক আকৰ্ষণীয় ক্ষেত্ৰৰূপে গঢ়ি তোলা।

প্ৰসংগক্ৰমে তেওঁ মেঘালয়-অসমৰ সীমা বিবাদৰ প্ৰসংগ উত্থাপন কৰি হাফলঙৰ পৰাই প্ৰথমে গোপীনাথ বৰদলৈ বিমান বন্দৰ আৰু পিছত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে দিল্লীলৈ ৰাওনা হোৱাৰ কথা প্ৰকাশ কৰে। আনহাতে বুধবাৰৰ কেবিনেটৰ বৈঠকে হাফলং মহাবিদ্যালয়ৰ বাবে আগবঢ়োৱা পুঁজি আৰু বিভিন্ন প্ৰতিশ্ৰুতিয়ে ৰাইজৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in