মেচ ফিক্সিঙৰ অভিযোগত ২ ক্ৰিকেটাৰক গ্ৰেপ্তাৰ..

মেচ ফিক্সিঙৰ অভিযোগত ২ ক্ৰিকেটাৰক গ্ৰেপ্তাৰ..

ডিজিটেল ডেস্কঃ কৰ্ণাটক প্ৰিমিয়াৰ লীগত ফিক্সিঙৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় ২ ক্ৰিকেটাৰক। ৰণজী ট্ৰফী আৰু আই পি এলৰ ক্ৰিকেটাৰ চি এম গৌতম আৰু অবৰাৰ কাজীক গ্ৰেপ্তাৰ কৰে অপৰাধ অনুসন্ধান শাখাৰ এটা দলে। উল্লেখ্য যে, কৰ্ণাটক প্ৰিমিয়াৰ লীগৰ বিগত দুটা সংস্কৰণত হোৱা মেচ ফিক্সিঙৰ সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে।

তদন্তৰ দায়িত্বত থকা এগৰাকী আৰক্ষী আয়ুক্তই সংবাদ মাধ্যমত জনায় যে- আমি মেচ ফিক্সিঙৰ অভিযোগত ২জন লোকক গ্ৰেপ্তাৰ কৰিছো। তেওলোক দুয়োজন হুবলী বনাম বেল্লাৰীৰ মাজত খেলা ফাইনেল খেলখনত ফিক্সিঙৰ আশ্ৰয় লৈছিল।

বলিঙৰ ফিক্সিঙত জড়িত দুয়োজনে বিৰোধী টীমৰ পৰা লৈছিল ২০ লাখ টকা। ধৃত চি এম গৌতম এইবাৰ কৰ্ণাটক প্ৰিমিয়াৰ লীগত গোৱা টীম আৰু অবৰাৰ কাজী মিজোৰাম ৰণজী টীমৰ সদস্য। আই পি এলত দুয়োজন খেলুৱৈ বিৰাট কোহলীয়ে নেতৃত্ব দিয়া আৰ চি বি দলৰ সদস্য আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in