মুক্তি যুঁজাৰুৰে মুখ্যমন্ত্ৰীৰ বৈঠকঃ আত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন সাহাৰ্য…

মুক্তি যুঁজাৰুৰে মুখ্যমন্ত্ৰীৰ বৈঠকঃ  আত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন সাহাৰ্য…

ডিজিটেল ডেস্কঃ শনিবাৰে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এখন বৈঠক অনু্ষ্ঠিত হয়। মুখ্যমন্ত্ৰী গৰাকীৰ খাৰঘুলিস্থিত বাসগৃহত অনুষ্ঠিত হয় এই বৈঠকখনৰ।

বৈঠকৰ অন্তত গ্ৰহণ কৰা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে- মুক্তি যুঁজাৰু সকলে লাভ কৰিব বিনামূলীয়া স্বাস্থ্যসেৱা। মুক্তি যুঁজাৰু সকলৰ পেঞ্চন বৰ্তমানৰ ২১,০০০ টকাৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ'ব। আনহাতে অসম ৰাজ্যিক মুক্তি সন্মিলনৰ অনুৰোধৰ ভিত্তিত ৰাজ্যৰ ১৯ গৰাকী স্বাধীনতা আন্দোলনৰ শ্বহীদৰ নিকটাত্মীয়ক ৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য আগৱঢ়াব ৰাজ্য চৰকাৰে।

ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে, মুক্তি যুঁজাৰু সকলৰ পৰলোক প্ৰাপ্তিৰ পিছত তেওঁলোকৰ ত্যাগৰ প্ৰতি সন্মান জনাই, পৰলোকপ্ৰাপ্তিৰ পিছত শেষকৃত্য মৰ্যদাপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ উপায়ুক্ত সকলে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব। এই বৈঠকত অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতিৰ সংশোধনৰ সিদ্ধান্তও গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in