মুখ্যমন্ত্ৰী -উপমুখ্যমন্ত্ৰীৰ সংঘাতঃ ২০২৩ত বিজেপিক ৰোধৰ লক্ষ্যৰে নাগালেণ্ডত নতুন ৰাজনৈতিক সমীকৰণ…

মুখ্যমন্ত্ৰী -উপমুখ্যমন্ত্ৰীৰ সংঘাতঃ ২০২৩ত বিজেপিক ৰোধৰ লক্ষ্যৰে নাগালেণ্ডত নতুন ৰাজনৈতিক সমীকৰণ…

ডিজিটেল সংবাদ, ৱাখাঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত পুনৰ আকৌ এবাৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছে । কিছুদিন পূৰ্বে মন্ত্ৰীত্ব আৰু বিভাগক লৈ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু উপমুখ্যমন্ত্ৰী ৱাই পেট্টন মাজত হোৱা সংঘাতৰ পিছতেই নাগালেণ্ডৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱা দেখা গৈছে।

বিশেষকৈ অহা ২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনত বিজেপিক মাত্ৰ বিশখন আসনতে সীমাবদ্ধ কৰি পুনৰ ক্ষমতা দখলৰ ব্লুপ্ৰিণ্ট ৰচিছে নাগালেণ্ডৰ বৰ্তমান শাসনাধিস্থ এন ডি পি পি দলৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে । সেই অনুসৰি মুখ্যতঃ খ্ৰীষ্টান ধৰ্ম প্ৰভাৱিত ৰাজ্য নাগালেণ্ডত বিজেপিক একক প্ৰচেষ্টাৰে চৰকাৰৰ গঠনৰ পৰা বিৰত ৰাখিবৰ উদ্দেশ্যই এইবাৰ নগা আঞ্চলিক দল নাগা পিপলছ ফ্ৰণ্টে আনুষ্ঠানিকভাৱে নেইফিউ ৰিঅৰ নেতৃত্বত এন ডি পি পিত বিলয় হোৱাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

নাগা পিপলছ ফ্ৰণ্টৰ ২৫ গৰাকীৰ বিধায়কৰ ভিতৰত ২১ গৰাকী বিধায়কে শুকুৰবাৰে সন্ধিয়া ৰাজধানী ক'হিমাত এন ডি পি পিত আনুষ্ঠানিকভাৱে বিলয় হোৱা পাছত ৬০ জনীয়া নাগালেণ্ড বিধানসভাত এতিয়া নেইফিউ ৰিঅৰ এ ডি পি পি দলৰ বিধায়ক সংখ্যা ৪২ গৰাকীলৈ বৃদ্ধি পালে । উল্লেখযোগ্য যে শুক্ৰবাৰে ৰাজধানী ক'হিমাৰ হোটেল ভিভাত হোৱা এক সংবাদমেলত এন পি এফ দলটো এন ডি পি পি দলত আনুষ্ঠানিকভাৱে বিলয়ৰ কথা ঘোষণা কৰে নাগা পিপলছ ফ্ৰণ্টৰ সভাপতি ছুৰহুজেলি লিজিৎছুৱে ।

তেওঁ ইতিমধ্যে নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ শ্বাৰিগেইন লংকুমাৰক এই বিষয়ে এক পত্ৰৰ জৰিয়তে আনুষ্ঠানিকভাৱে জনাইছে । ইফালে নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ গৰাকীয়েও তেওঁ এন পি এফৰ ২১গৰাকীৰ বিধায়ক এন ডি পি পিত বিলয় হোৱা পত্ৰ লাভ কৰা কথা সদৰী কৰিছে । এন ডি পি পিত যোগদান কৰা এন পি এফৰ বিধায়কসকল হৈছে ক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙ , মুৱাতশ্বি লংকুমাৰ , এজেটো ঝিঝমি , কেনিয়েজাখো নাখ্ৰো , ৱাই ভিকেহে শ্বু , ছটাছু ছাজো , ইটাছু , ছুম্বেন মুৰী , ৱাই এম য়ল্ল , চি এল জন , য়েমেনবা য়াডেন , ইমটিৱাপাঙ আয়াৰ, ইমকন এল ইমছন , থঙৱাঙ কন্যাক , ইছাক কন্যাক ,পিকটো ছু , ই ই পাঙটিয়াঙ , বি এছ এল ফম, টয়াঙ ছাঙ আৰু কেজেঙ ছাঙ ।

উল্লেখযোগ্য যে ২০২৩চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নগা ৰাজনৈতিক সমস্যা সমাধানৰ স্বাৰ্থত টি আৰ জেলিয়াঙে বিগত সময়চোৱাত লোৱা সবল নেতৃত্বতৰ পিছতে এন এছ চি এন আই এমৰ প্ৰভাৱত নাগা আঞ্চলিক দল এন পি এফে বিগত আগষ্ট মাহত শাসনাধিস্থ এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ পিপলছ ডেমক্ৰেটিক এলায়েন্সত যোগদান কৰিছিল। ফলত নাগালেণ্ডত এখন বিৰোধীহীন চৰকাৰ গঠন হয় । ইয়াৰ পিছত দলটোৱে কালি এন ডি পি পি শক্তিশালী কৰাৰ স্বাৰ্থত বিলয় হয়।

ইফালে নাগা পিপলছ ফ্ৰণ্টে আনুষ্ঠানিকভাৱে এন ডি পি পিত বিলয় হোৱাৰ সন্দৰ্ভত মুখপাত্ৰ মেৰেণতশ্বি জমিৰে কয় যে ২০২৩ চনৰ নিৰ্বাচন এন ডি পি দলে নিজৰ সামৰ্থ্য ওপৰত খেলিব । সেয়ে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ চৰকাৰ শক্তিশালী আৰু নেতৃত্বতক সবল কৰিবলৈ টি আৰ জেলিয়াঙ আৰু ৰিঅৱে এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে । তদুপৰি এন পি এফ আৰু এন ডি পিৰ বিধায়কসকল নগা জাতীয়তাবাদৰ ভেটিত একেটা ছাতিৰ তলত থাকিব বিচাৰে । তেওঁ কয় এন পি এফ আৰু এন ডি পি পি একেলগে হলেও বিজেপিৰ সৈতে মিত্ৰতা পূৰ্বৰ দৰেই অব্যাহত থাকিব ।

তেওঁ আৰু কয় এয়া পৰিৱৰ্তিত সময়ৰ আহবান । বৰ্তমান নেইফিউ ৰিঅৰ চৰকাৰলৈ কোনো সংকট অহা নাই যদিও আঞ্চলিক শক্তিক শক্তিশালী কৰিব খোজে । উল্লেখযোগ্য যে অহা ২০২৩ চনৰ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে মণিপুৰৰ দৰে অকলেই নাগালেণ্ডৰ ৬০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ পৰিকল্পনা কথা অনুমান কৰি দুয়োটা আঞ্চলিক দল এনেদৰে একত্ৰিত হোৱা বুলি জানিব পৰা গৈছে । তদুপৰি কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে বিজেপিৰ নেতা তথা উপমুখ্যমন্ত্ৰী ৱাই পেট্টনৰ গড়কাপ্তানি বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ কাঢ়ি লৈছিল ।

পৰৱৰ্তী সময়ত ৱাই পেট্টনক ভূমি সম্পদ বিভাগৰ পদবী যচা হৈছিল যদিও সেই বিভাগ ল'বলৈ উপমুখ্যমন্ত্ৰী গৰাকীয়ে অস্বীকাৰ কৰে । ফলত দুয়োৰ মাজত সংঘাত বৃদ্ধি পায়। এনে পৰিপ্ৰেক্ষিতত নেইফিউ ৰিঅৰ চৰকাৰখন যিকোনো মুহূৰ্তত সংখ্যালঘুত পৰিণত হোৱাৰ আংশকা কৰি কালি ক'হিমাত এনেদৰে নাগা পিপলছ ফ্ৰণ্ট দলটো আনুষ্ঠানিকভাৱে এন ডি পি পিত বিলয় হৈ সংখ্যা গৰিষ্ঠতা আহৰণ কৰে ।

জানিব পৰামতে অহা ২০২৩ চনৰ নিৰ্বাচনত যদিও দুয়োটা দলৰ মাজত মিত্ৰতা অব্যাহত থাকে তেনেহলে বিজেপিক মাত্ৰ ২০ খন আসন এৰি দিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে নেইফিউ ৰিঅৱে । অৱশ্যে সময়তে নাগালেণ্ডৰ ৰাজনৈতিক পট পৰিৱৰ্তন কথা স্পষ্ট হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in