অসমত পুনৰ লকডাউন বৃদ্ধি হ’ব নেকি, কি ইংগিত দিলে মুখ্যমন্ত্ৰী সোণোৱালে…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ প্ৰসংগত দেওবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী লোককে স্বাস্থ্য বিভাগে বান্ধি দিয়া নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়। তেওঁ কয়, ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

লগতে তেখেতে কয়, এই সময়ত প্ৰতিগৰাকী লোকেই নিৰোগী হৈ থাকিবলৈ নিজে সজাগ হ'ব লাগিব। লকডাউনৰ নীতি মানি নচলিলে চৰকাৰে কঠোৰ পদক্ষেপ লবলৈ বাধ্য হ'ব। ইফালে এই সময়ত কোৰোনাৰ বিৰুদ্ধে সৱলভাৱে যুঁজ দিয়া লোকসকলক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, কোৰোনাৰ বিৰুদ্ধে সৱলভাৱে সকলো লগ হৈ একেলগে যুঁজ কৰিব লাগিব তেতিয়াহে আমি জয়ী হ'বলৈ সক্ষম হ'ম।

ইফালে বানপানীৰ বিৰু্দ্ধে যুঁজাৰ বাবেও জিলা উপায়ুক্তসকলক সুকীয় গোট গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ কয়, আমাৰ সন্মুখত হিমালয়সদৃশ প্ৰত্যাহ্বান আছে। আমি এইবোৰৰ বিৰুদ্ধে জয়ী হ'ব লাগিব। বিজেপি চৰকাৰে ৪ বছৰ সম্পূৰ্ণ কৰিলে। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়ামৰ সকলো লোককে এই সময়ত চৰকাৰক সহযোগিতা কৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

অসমত পুনৰ লকডাউন বৃদ্ধি হ'ব নেকি বুলি সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সকলো লোকৰে পৰামৰ্শ লৈ এইক্ষেত্ৰত চিন্তা কৰিব। এই সময়ত সকলো ৰাজ্যই ইখনে-সিখনক সহায় কৰিছে। এই সময়ত আমি সকলো লোকে পৰিস্কাৰ হৈ থাকিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in