‘কেব’ৰ বিৰোধিতা কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে…

‘কেব’ৰ বিৰোধিতা কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে। বিধেয়কখনৰ বিৰোধিতা কৰি সিঙে সংবাদমাধ্যমৰ সন্মুখত কয়, 'নাগৰিকত্ব সংশোধনী বিধেয়ক আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰো। কিয়নো এই বিধেয়ক দেশৰ গণতান্ত্ৰিক ভাৱনাৰ বিৰোধী।'

শনিবাৰে নতুন দিল্লীৰ এক অনুষ্ঠানত ভাগ লবলৈ অহা মুখ্যমন্ত্ৰী সিঙে নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে বিৰোধিতা কৰে এন আৰ চিৰো। তেওঁ কয়, 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে এন আৰ চিয়ো গণতন্ত্ৰৰ পৰিপন্থী। আমি কোনোপধ্যেই এই বিধেয়ক দুখন পঞ্জাৱত প্ৰযোজ্য হবলৈ নিদিও। এয়া আমাৰ স্পষ্ট কথা।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in