শ্বহীদ উত্তৰ প্ৰদেশৰ দুই চিআৰপিএফ জোৱানৰ পৰিয়াললৈ আদিত্যনাথৰ ২৫ লাখ আৰু চৰকাৰী চাকৰি ঘোষণা

শ্বহীদ উত্তৰ প্ৰদেশৰ দুই চিআৰপিএফ জোৱানৰ পৰিয়াললৈ আদিত্যনাথৰ ২৫ লাখ আৰু চৰকাৰী চাকৰি ঘোষণা

ডিজিটেল ডেস্কঃ ১২ জুনত জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা উত্তৰ প্ৰদেশৰ ২ চি আৰ পি এফৰ জোৱানৰ পৰিয়াললৈ ২৫ লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অনন্তনাগৰ আক্ৰমণক লৈ শোক ব্যক্ত কৰি শ্বহীদ জোৱানৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰ্থিক সাহায্য প্ৰদানৰ লগতে শ্বহীদ জোৱান দুগৰাকীৰ পৰিয়ালৰ এজনক চৰকাৰী চাকৰি প্ৰদান কৰাৰ ঘোষণা কৰে। তেওঁ কয়, 'অনন্তনাগত দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানলৈ মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। তেওঁলোক আমাৰ বাবে চিৰদিন অমৰ হৈ ৰ'ব। তেওঁলোকৰ অনুপস্থিতিত তেওঁলোকৰ পৰিয়াল যাতে কোনো আৰ্থিক সংকটত ভূগিব নালাগে, তাৰ বাবে আমি পৰিয়ালৰ এজনকৈ লোকক চৰকাৰী চাকৰি প্ৰদান কৰিম।'

উল্লেখ্য যে, ১২ জুন, বুধবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগৰ কে পি ৰোডত এটা তহলদাৰী নিৰাপত্তাৰক্ষীৰ দলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। ইয়াৰ পিছত সংঘটিত হোৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত ৫ জনকৈ চি আৰ পি এফৰ জোৱান শ্বহীদ হয়। শ্বহীদ সকলৰ দুগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশত, এগৰাকী হাৰিয়ানাৰ, এগৰাকী মধ্যপ্ৰদেশ আৰু আনগৰাকী অসমত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in