মঙলদৈৰ দুকুৰি দৰিদ্ৰ পৰিয়ালক গৰম কাপোৰ উপহাৰ দি ভোগালীৰ ওলগ ‘খাটি দৰঙীয়া ঝিয়া-লিকিৰা’ৰ

মঙলদৈৰ দুকুৰি দৰিদ্ৰ পৰিয়ালক গৰম কাপোৰ উপহাৰ দি ভোগালীৰ ওলগ ‘খাটি দৰঙীয়া ঝিয়া-লিকিৰা’ৰ

ডিজিটেল সংবাদ, মঙলদৈঃ সামাজিক মাধ্যমৰ জৰিয়তে একগোট হোৱা ভিন্ন বয়সৰ দৰঙীয়াৰ গোট 'খাটি দৰঙৰ ঝিয়া-লিকিৰা আমি'ৰ তৰফৰ পৰা ভোগালী বিহু উপলক্ষ্যে গ্ৰহণ কৰা হয় এক ব্যতিক্ৰমী কাৰ্যসূচী। ছ'চিয়েল মিডিয়াৰ এই গোটটোৱে ভোগালী বিহু উপলক্ষ্যে মঙলদৈৰ বিভিন্ন প্ৰান্তত দুকুৰি পৰিয়ালৰ হাতত তুলি দিয়ে একোখনকৈ গৰম কাপোৰ।

পহিলা মাঘৰ পৰা গোটটোৱে আৰম্ভ কৰিছে কম্বল বিতৰণৰ এই কাৰ্যসূচী। বৰদৌলগুৰি আঠিয়াবাৰী গাঁৱৰ পৰা শুভাৰম্ভণি কৰা এই অনুষ্ঠানৰ গোটৰ সক্ৰিয় সদস্য সকলৰ লগতে উপস্থিত থাকে গোটৰ প্ৰশাসক ক্ৰমে ৰূপজ্যোতি নাথ, হিৰণ্য ডেকা, অনুপম বণিয়া আৰু দীপ্তি শৰ্মা। দৰঙৰ নাৰিকলি, ভূক্তাবাৰী, চেঙাপাৰা, কুমাৰপাৰা, চেঙাপাৰা, খাৰখোৱাপাৰা, পাতিদৰং, ৰাজহাউলি, ৰঙামাটি, থেকেৰাবাৰী, বেজপাৰা, দীঘিৰপাৰ, আদিকে ধৰি বিভিন্ন গাঁৱত গৰম কাপোৰ বিতৰণ কৰা হয়।

উল্লেখ্য যে, মাঘৰ জাৰৰ সময়তো এখন গৰম কিনিবলৈ সক্ষম নোহোৱা দৰিদ্ৰ সকলক ছ'চিয়েল মিডিয়াৰ 'খাটি দৰঙৰ ঝিয়া-লিকিৰা আমি' নামৰ গোটটোৰ সদস্য সকলে নিজা বৰঙণিৰে একোখনকৈ গৰম কাপোৰ উপহাৰ হিচাপে প্ৰদান কৰিছে। ভোগালী বিহুৰ সময়তে গোটটোৱে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাইছে সকলোৱে। আনহাতে এই বস্ত্ৰ বিতৰণৰ পিছত জাৰৰ পৰা কিছু হ'লেও সকাহ লাভ কৰা দৰিদ্ৰ লোকসকলেও কৃতজ্ঞতা জনাইছে গোটটোৰ প্ৰতিগৰাকী সদস্যক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in