অবৈধ নাগৰিকৰ বিৰুদ্ধে অৰুণাচলপ্ৰদেশত আপছুৰ ‘ক্লীন অৰুণাচল’ অভিযান

অবৈধ নাগৰিকৰ বিৰুদ্ধে অৰুণাচলপ্ৰদেশত আপছুৰ ‘ক্লীন অৰুণাচল’ অভিযান

ডিজিটেল ডেস্ক, ইটানগৰঃ অসমত যোৱা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই (আপছু) ৰাজ্যখনত অসমৰ পৰা বহু অবৈধ বাংলাদেশী লোকে প্ৰৱেশ কৰিব বুলি আশংকা কৰিছিল। সমগ্ৰ অৰুণাচলতে কোনো যাৱতীয় অনুমতি আৰু পাৰপত্ৰ নোহোৱাকৈ অবৈধভাবে বসবাস কৰি থকা লোকসকলক চিনাক্তকৰণৰ বাবে শুকুৰবাৰৰ পৰা 'ক্লিন অৰুণাচল' নামেৰে এক অভিযান আৰম্ভ কৰিছে সদৌ অৰুণাচলপ্ৰদেশ ছাত্ৰ সন্থাই।

যোৱা ৩০ জুনত অসমত এন আৰ চিৰ খচৰা প্ৰকাশৰ পাছত সম্ভাব্য পৰিস্থিতি সন্দৰ্ভত অসম আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত যোৱা ৩ আগষ্টত গুৱাহাটীত এক বৈঠকো অনুষ্ঠিত হৈছিল। উল্লেখ্য যে, মাত্ৰ ১৫ লাখ জনসংখ্যাৰ অৰুণাচল প্ৰদেশত প্ৰায় ২০,০০০ অবৈধ বাংলাদেশীয়ে শ্ৰমিক আৰু ব্যৱসায় কৰি থকা বুলি আপছুৱে সন্দেহ কৰিছিল।

যোৱা ১৬ আগষ্টত ১৫ৰ দিনৰ সময়সীমা উকলি যোৱাৰ পাছতে আপছু সদস্যই সমগ্ৰ অৰুণাচল প্ৰদেশতে অবৈধ অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তোলে। কিন্তু আপছুৰ এই অভিযানৰ পূৰ্বেই ইটানগৰৰ বিভিন্ন স্থানত শিলভঙা কুঁৱেৰী, পথ নিৰ্মাণ বা গৃহ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা বহু সন্দেহজনক লোকে ইটানগৰ ত্যাগ কৰে।

বৈধভাবে পাৰ পত্ৰ প্ৰস্তুতৰ বাবে ১৫ দিনৰ সময় দিয়াৰ পাছতো এনেদৰে পাৰপত্ৰ প্ৰস্তুত নকৰি পলায়ন কৰা ঘটনাই পলাই যোৱা লোকসকলৰ নাগৰিকত্বক লৈয়ো সন্দেহৰ সৃষ্টি কৰিছে। ইটানগৰৰ সমীপৰ জোলাঙত শিলৰ কুঁৱেৰী আৰু গৰু ব্যৱসায়ৰ লগত জড়িত প্ৰায় ৪০০ ধৰ্মীয় সংখ্যালঘু লোক হঠাতে অন্তৰ্ধান হৈছে।

শুকুৰবাৰে অপছুৱে অঞ্চলটোত অভিযান চলাবলৈ গৈ এজনো বাসিন্দাক লগ নাপালে। জুলি নদীৰ পাৰত অস্থায়ী ঘৰ নিৰ্মাণ কৰি এই লোকসকলে দীৰ্ঘদিনধৰি বসবাস কৰি আহিছিল। তৎসত্বেও কালিৰে পৰা আপছুৱে আৰম্ভ কৰা অবৈধ অনুপ্ৰবেশকাৰী চাফাই অভিযানত সংগঠনটোৱে হাজাৰৰো অধিক অবৈধ অনুপ্ৰবেশকাৰীক তালাচীৰ সময়ত চিনাক্ত কৰি আৰক্ষীক চমজাই দিছিল।

আৰক্ষীৰ নাকৰ তলতে এটা ছাত্ৰ সংগঠনে এনেদৰে অবৈধ অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰাত উপায়ন্তৰ হৈ শুকুৰবাৰে বিয়লি ভাগৰ পৰা অৰক্ষীয়ে এই অভিযানৰ তদাৰক কৰে। ইটানগৰৰ আৰক্ষী অধীক্ষক কে হৰ্ষবৰ্ধনে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে ইটানগৰৰ বিভিন্ন অঞ্চলৰ পৰা মুঠ ১৩৫জন অবৈধ অনুপ্ৰবেশকাৰীক আটক কৰি অসম সীমান্তত এৰি দিয়া হয়।

আজিও ইটানগৰ থানা এলেকাৰ পৰা মুঠ ৬৫জন অবৈধ অনুপ্ৰবেশকাৰীক আটক কৰি অসম সীমান্তত এৰি দিয়া হৈছে। সমগ্ৰ অৰুণাচল প্ৰদেশতে আপছুৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত লজ্জিত হৈ আৰক্ষীয়ে আৰম্ভ কৰা এই অভিযানত আজিও প্ৰায় ৫শতাধিক লোকক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।

তাৎপৰ্যপূৰ্ণ কথা এই যে, অসম বা পশ্চিমবংগৰ পৰা অহা বুলি কোৱা আটাকাধীন লোকসকলৰ অধিকাংশই বাংলাভাষী। আটক কৰা বহুকেইজন লোকে বাংলা ভাষাৰ বাহিৰে আন কোনো ভাষা নজনা বাবে তেওঁলোকৰ নাগৰিকত্বক লৈ সন্দেহৰ সৃষ্টি হৈছে। আইন অনুসৰি অৰুণাচল প্ৰদেশ চৰকাৰে এনেদৰে আটক কৰা লোকসকলক ৰাজ্যখনৰ পৰা বাহিৰ কৰি দিছে যদিও এই মানুহবোৰৰ ভিতৰত যদি অবৈধ বাংলাদেশী আছে সেয়া পৰীক্ষণ নকৰাকৈয়ে অৰুণাচল প্ৰদেশ চৰকাৰে তেওঁলোকক ৰাজ্যখনৰ পৰা বাহিৰ কৰি দিছে।

ইয়াৰ বিপৰীতে ৰাজ্যখনৰ পৰা এনেদৰে বাহিৰ কৰি দিয়া লোকসকলক অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত চকীত অসম আৰক্ষীয়ে কোনো ধৰণৰ পৰীক্ষা কৰা নাই। যাৰ বাবে অৰুণাচলৰ পৰা খেদা খালেও নিৰ্বিবাদে তেওঁলোক অসমত প্ৰবেশ কৰিবলৈ সুবিধা পাইছে।

অৰুণাচল প্ৰদেশত আপছুৱে আৰম্ভ কৰা এই অভিযানৰ কথা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসম আৰক্ষীও অৱগত যদিও অৰুণাচলৰ পৰা কালি ৬৩ জন অবৈধ অনুপ্ৰবেশকৰী ইটানগৰৰ সমীপৰ হলোংগীত এৰি দিয়াৰ সময়ত তালাচী চকীত গহপুৰৰ কোনো আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত নাছিল।

আনহাতে, অৰুণাচল প্ৰদেশত আপছুৱে আৰম্ভ কৰা এই অভিযানক এতিয়া খোদ অৰক্ষী-প্ৰশাসনে নেতৃত্ব দিয়াত ৰাজ্যখনত বসবাস কৰা অবৈধ অনুপ্ৰবেশকাৰীয়ে নিজে নিজেই অৰুণাচল ত্যাগ কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, অৰুণাচল প্ৰদেশত ইনাৰ লাইন পাছ প্ৰস্তুত কৰিবলৈ এজন ভাৰতীয় নগৰিকক পৰিচয় পত্ৰ অৰু ঠিকনাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়।

কেইবালাখো অনা-অৰুণাচলী লোকে এনেদৰে বিধিগতভাবে প্ৰয়োজনীয় নথি অৰুণাচল প্ৰদেশৰ উপায়ুক্তৰ কাৰ্যালয়ত জমা দি পাছ বনাই লয় যদিও হেজাৰ হেজাৰ লোকে পাছ নোহোৱাকৈয়ে অৰুণাচল প্ৰদেশত কাম কৰিবলৈ আহে। আপছুৱে আশংকা কৰা মতে এনেদৰে পাছ নোহোৱাকৈ অৰুণাচল প্ৰদেশত প্ৰবেশ কৰা লোক সকলে পাছৰ প্ৰয়োজনীয়তাৰ কথা জনিও পাছৰ বাবে আবেদন নকৰে।

কাৰণ তেওঁলোকে পাছ পাবৰ বাবে লগত গাঠি দিব লগা যাবতীয় নথি প্ৰদৰ্শন কৰিব নোৱাৰে। সেয়ে তেনে লোকসকলৰ নাগৰিকত্বক লৈও ছাত্ৰ সংগঠনটোৱে সন্দেহ প্ৰকাশ কৰিছিল। অৱশ্যে ইয়াৰ মাজতে অৰুণাচলত 'মেনুৱেল লেবাৰ'ৰ ব্যাপক চাহিদা থকা বাবে খেতি কৰিবলৈ আৰু গৃহ নিৰ্মাণৰ বিভিন্ন কামৰ বাবে অসম অৰু পশ্চিমবংগৰ পৰা ভালে সংখ্যকলোক ৰাজ্যখনৰ বিভিন্ন স্থানত বসবাস কৰি আছিল।

এইদৰে অৰুণাচল প্ৰদেশলৈ অহা লোকসকলক কোনো ঠিকাদাৰে ১৫ দিনৰ বাবে অস্থায়ী পাছ উলিয়াই লৈ আহে যদিও ২-৩ বছৰৰ বাবে ঠিকাদাৰে আৱদ্ধ কৰি কাম শেষ নকৰালৈকে ৰাজ্যখনতে ৰাখি থয়। কিন্তু আৰক্ষী বা প্ৰশাসনৰ তালাচী অভিযানত সততে এই শ্ৰমিকসকল পাছ নোহোৱাৰ বাবে আৰক্ষীৰ জালত পৰে।

অৰুণাচল প্ৰদেশ চৰকাৰে বা অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই কিন্তু এনেদৰে ঠিকাদাৰৰ অবহেলাৰ বলি হোৱা নিৰক্ষৰ শ্ৰমিকসকলকে অভিযানত উদ্দেশ্য কৰি লোৱা পৰিলক্ষিত হৈছে। নিজৰ স্বাৰ্থ আদায়ৰ ববে ব্যৱহাৰ কৰা  শ্ৰমিকসকলৰ ওপৰত হোৱা হাৰাশাস্তিৰ বাবে জগৰীয়া ঠিকাদাৰৰ বিৰুদ্ধে আপছু বা অৰুণাচল প্ৰদেশ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইপিনে, অৰুণাচল অৰক্ষীয়ে আটক কৰি অসম সীমান্তত এৰি দিয়া অবৈধ অনুপ্ৰবেশকাৰী সন্দৰ্ভত সীমান্তৱৰ্তী অসম আৰক্ষীক কোনো খবৰ নিদিয়ে বুলিও অভিযোগ উঠিছে।

তাৎৰ্যপূৰ্ণ কথা এয়ে যে, আটক হোৱা বহু লোকে অৰুণাচল প্ৰদেশত প্ৰবেশৰ সময়ত পাৰপত্ৰ নোহোৱা বাবে প্ৰবেশ দ্বাৰত আৰক্ষীক ২০০-৩০০ টকা আদায় দি ৰাজ্যখনত প্ৰবেশ কৰে বুলি সাংবাদিকৰ অগত প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশত এনেদৰে আৰক্ষীয়েই কোনো পাৰপত্ৰ নোহোৱাকৈ সন্দেহজনক লোকক প্ৰবেশ কৰিবলৈ দিয়া ঘটনায়ো ৰহস্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in