শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

শেষ হৈছে কোভিড ! আজিৰে পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম…

ডিজিটেল ডেস্কঃ ৰাজ্যত কোৰোনাৰ প্ৰকোপ হ্ৰাস হৈছে। কোৰোনাৰ সংক্ৰমণ হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্যৰাখি ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছিল নতুন এছ অ’ পি। সেই অনুসৰি ১ অক্টোবৰ শুকুৰবাৰৰ পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠ্যক্ৰম আৰম্ভ কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল।

ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অফলাইন মাধ্যমেৰে ৰাজ্যত আৰম্ভ হৈছেই। বৰ্তমানলৈকে সুস্থিৰ ভাৱেই দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম চলি আছ। ইয়াৰ মাজতে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠদানক লৈয়ো আশাবাদী ৰাজ্যৰ সচতেন মহল।

দীৰ্ঘদিন ধৰি কোৰোনাৰ বাবে বন্ধ হৈ আছিল অফলাইন পাঠদান। অনলাইন মাধ্যমেৰে পাঠদান অব্যাহত আছিল যদিও অনলাইন মাধ্যমৰ সুবিধা সকলো শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। দূৰ্বল নেটৱৰ্ক,দুৰ্বৱ অৰ্থনৈতিক অৱস্থাৰ বাবে অনলাইন ক্লাছৰ বাবে প্ৰয়োজনীয় মোবাইল ক্ৰয় কৰিব নোৱাৰাৰ দৰে এনেক সমস্য়াৰ বাবে অলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আছিল অনেক শিক্ষাৰ্থী।

ইতিধ্যে নৱম, একাদশ আৰু স্নাতক মহলাৰ শিক্ষাৰ্থীসকলৰ বাবে নতুনকৈ সজাই তোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণী কোঠা সমূহ। শিক্ষাৰ্থীয়ে সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষাগ্ৰহণ কৰিব পৰাকৈ শ্ৰেণী কোঠাত ব্যৱস্থা কৰা হৈছে। ছেনিটাইজাৰ কৰা হৈছে প্ৰতিটো শ্ৰেণী কোঠা। শিক্ষক, শিক্ষয়ত্ৰীসকলেও গ্ৰহণ কৰিছে দুটাকৈ ভেকছিন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি