কিদৰে হ’ব নৱম-দশম শ্ৰেণীৰ পৰীক্ষা? চাওক সবিশেষ..

কিদৰে হ’ব নৱম-দশম শ্ৰেণীৰ পৰীক্ষা? চাওক সবিশেষ..
  • নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভত কেবিনেটত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • কেবিনেটে গঠন কৰিছে এক বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটী।
  • জিলা উপায়ুক্ত, বিদ্যালয়ৰ পৰিদৰ্শক আদিৰে গঠন কৰা হ'ব এই কমিটীখন।
  • এই কমিটীত থাকিব জিলা শিক্ষা পৰিষদৰ সম্পাদক, ব্যক্তিগত বিদ্যালয়ৰ প্ৰতিনিধি।
  • নৱম শ্ৰেণীৰ এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা।
  • আন এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত হ'ব বছৰেকীয়া পৰীক্ষা।
  • দশম শ্ৰেণীৰ বাবে থাকিব প্ৰি-ব'ৰ্ড পৰীক্ষা।
  • দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ বাবে জিলা পৰীক্ষা কমিটীয়ে প্ৰস্তুত কৰিব আৰ্হি প্ৰশ্ন কাকত।
  • আনহাতে প্ৰি-ব'ৰ্ড, ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰিব এখন গোপন কমিটীয়ে।
  • এই পৰীক্ষাৰ বহীসমূহ বিদ্যালয়তে হ'ব নিৰীক্ষণ। কিন্তু ছমহীয়া, বছৰেকীয়া আৰু প্ৰি-ব'ৰ্ডৰ পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে কৰা হৈছে পৃথক ব্যৱস্থা।
  • পৰীক্ষাৰ তথ্য আপলোড কৰিব লাগিব নিৰ্দিষ্ট প'ৰ্টেলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in