দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন

দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব দিল্লীৰ ব্ৰহ্মপুৰী আৰু মেজপুৰ অঞ্চলত তৃতীয় দিনাও অব্যাহত আছে উত্তেজনাপূৰ্ণ পৰিস্থিতি। এই অঞ্চল দুটাৰ ঠায়ে ঠায়ে অব্যাহত আছে শিলাবৰ্ষণ, আক্ৰমণৰ ঘটনা। কোনো কোনো ঠাইত গুলীচালনাৰ ঘটনাও পোহৰলৈ আহিছে। এই হিংসাত্মক ঘটনাত ইতিমধ্যে এগৰাকী হেড কনিষ্টবলসহ ৭ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে বহু কেইজন লোক। ঘটনাৰ পিছতে দিল্লীৰ ৫টাকৈ মেট্ৰ' ষ্টেছন, জাফৰাবাদ, মেজপুৰ-বাবৰপুৰ, গোকুলপুৰী, জোহৰী এনক্লেভ আৰু শিৱ বিহাৰ বন্ধ কৰি দিয়া হৈছে।

ইফালে মঙলবাৰে মেজপুৰ অঞ্চলত সৃষ্টি হিংসাত্মক ঘটনাত ৬ জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। বাতৰি অনুসৰি, গুলীবিদ্ধ হৈ আহত হৈছে লোককেইজন। আহত সকলৰ ভিতৰত এগৰাকী মহিলাৰ অৱস্থা অতি সংকটজনক বুলি বাতৰিত প্ৰকাশ। অৱশ্যে এই ঘটনাৰ এতিয়াও চৰকাৰীভাৱে নিশ্চিত কৰা নাই।

প্ৰকাশিত বাতৰি অনুসৰি, মেজপুৰত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডিচিপি আলোক কুমাৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে স্থানীয় ৰাইজে আৰক্ষীক দাবী জনায় যদিও পৰস্থিতি নিয়ন্ত্ৰণৰ পৰিৱৰ্তে ঘটনাস্থলীৰ পৰা পলায়নহে কৰে আৰক্ষীয়ে। পিছত গুলীবিদ্ধ হোৱা দুজন আহতক আৰক্ষীয়ে উদ্ধাৰ কৰি গুৰু টেগ বাহাদুৰ হাস্পতালত ভৰ্তি কৰায়।

প্ৰণিধানযোগ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু পৰিয়ালৰ ভাৰত ভ্ৰমণৰ সময়তে দিল্লীত সংঘটিত হিংসাত্মক ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘটনা সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰি দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক বুলি মন্তব্য কৰে। লগতে দিল্লীৰ স্থানীয় আৰক্ষী অসহায় বুলিও মত ব্যক্ত কৰে কেজৰিৱালে।

আনফালে ঘটনা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে এখন উচ্চস্তৰীয় বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত দিল্লীৰ উপ ৰাজ্যপাল অনিল বৈজল, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আন দলৰ প্ৰতিনিধিসকল উপস্থিত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in