চিৰাঙৰ এক নং পাখ্ৰীগুৰীত নিশা দলীয় সমৰ্থকৰ মাজত সংঘাত, ব্যৱসায়ীক প্ৰতিষ্ঠানত আক্ৰমণ…

চিৰাঙৰ এক নং পাখ্ৰীগুৰীত নিশা দলীয় সমৰ্থকৰ মাজত সংঘাত, ব্যৱসায়ীক প্ৰতিষ্ঠানত আক্ৰমণ…

ডিজিটেল সংবাদ, চিৰাং : কালিৰ দিনটোত শান্তিপূৰ্ণ ভাৱে ভোট গণনাৰ কাম সম্পন্ন হৈ যোৱাৰ পিছত চিৰাঙৰ বাসুগাঁও থানাৰ অন্তৰ্গত ১ নং পাখ্ৰীগুৰী গাঁৱত এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয়। কালি সন্ধিয়াৰ ভাগত সংঘটিত হোৱা ঘটনাত বিপিএফ দলৰ সমৰ্থকৰ দোকানত ইউপিপিএল দলৰ সমৰ্থকৰ দলবদ্ধ আক্ৰমণ কৰে আৰু এই আক্ৰমণত পৰিয়ালটোৰ আঠজনকৈ সদস্য কম বেছি পৰিমাণে আহত হৈছে অকল আক্ৰমণ কৰিয়েই ক্ষান্ত নেথাকি বিপিএফ দলৰ সমৰ্থন কৰা পৰিয়ালটোক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰা হৈছে বুলি ভুক্তভোগী পৰিয়ালটোয়ে অভিযোগ উত্থাপন কৰে ।

দলবদ্ধ আক্ৰমণত আহত হোৱা সকল ক্ৰমে চণ্ডী সৰকাৰ (২৮), ময়না সৰকাৰ (৩০), শেফালী সৰকাৰ (৩০), ৰেণুবালা সৰকাৰ (৭০), অশোক সৰকাৰ (২২), বাবুৰাম সৰকাৰ (৪৫), মণিকা সৰকাৰ (১৪), প্ৰিয়ংকা সৰকাৰ (১৫) । ঘটনাৰ পিছত আতংকিত হৈ পৰা পৰিয়ালটো তীব্ৰ নিৰাপত্তা হীনতাত ভুগি আছে । ঘটনাক কেন্দ্ৰ কৰি ১ নং পাখ্ৰীগুৰী গাঁৱত এক চেপা উত্তেজনা বিৰাজ কৰিছে ।

এইপিনে কালি চণ্ডী সৰকাৰৰ পৰিয়ালৰ সৈতে যি গৰাকী ইউপিপিএল দলৰ সমৰ্থক সুনীল ব্ৰহ্মৰ সৈতে মাৰপিটৰ ঘটনাৰ সুত্ৰপাত হৈছিল সেই সুনীল ব্ৰহ্মও কালি মুৰত আঘাতপ্ৰাপ্ত হয় । সুনীল ব্ৰহ্মই সদৰি কৰা মতে ক'ভিড প্ৰট'কল অনুসৰি সন্ধিয়া ছয় বজাৰ সকলো ব্যবসায় প্ৰতিষ্ঠান বন্ধ কৰিব লাগে কিন্তু নিশা আঠ বজাৰ পিছতো দোকান বন্ধ নকৰাত তেখেতে দোকান খনৰ গৰাকী চণ্ডী সৰকাৰ আৰু তেওঁৰ বিধবা বাইদেউ শেফালী সৰকাৰক ইমান ৰাতি হোৱা পিছতো কিয় দোকান বন্ধ কৰা নাই প্ৰশ্ন কৰি দোকানৰ ভিতৰত সোমাই যায় ।

কিছু সময় ইউপিপিএল আৰু বিপিএফ দলৰ সমৰ্থন কৰা নকৰাক লৈ তৰ্ক বিতৰ্ক হয় । তাৰ মাজতে সুনীল ব্ৰহ্মই শেফালী সৰকাৰৰ পৰা এডাল চিগাৰেট বিচৰাক লৈ পুণৰ তৰ্ক বিতৰ্ক আৰম্ভ হয় আৰু সেই সময়তে সুনীল ব্ৰহ্মই খঙত শেফালী সৰকাৰ বহি থকা আসন খনত গতিয়াই দিয়াত তাই বাগৰি পৰি যায় । তাৰ পিছতে চণ্ডী সৰকাৰৰ পৰিয়ালটোয়ে সুনীল ব্ৰহ্মক আগচি ধৰি দোকানৰ ভিতৰত ৰছীৰে বান্ধি থৈ দিয়ে বুলি সংবাদ মাধ্যমৰ আগত সুনীল ব্ৰহ্মই সদৰি কৰে ।

ইয়াৰ পিছত এই খবৰ লাভ কৰি অঞ্চলটোৰ অন্যান্য লোক আহি ঘটনা স্থলীত উপস্থিত হৈ দোকান খনৰ ভিতৰৰ পৰা সুনীল ব্ৰহ্মক মুক্ত কৰি লৈ যায় আৰু তাৰে একাংশ উত্তেজিত লোকে চণ্ডী সৰকাৰৰ দোকান খনত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে লগতে পৰিয়ালৰ আন সদস্য সকলক শাৰীৰিক ভাৱে আক্ৰমণ কৰি মাৰধৰ কৰে ।

গুৰুত্বপূৰ্ণ কথা যে যিখন ১ নং পাখ্ৰীগুৰী গাঁৱত ইউপিপিএল-বিপিএফ ৰাজনৈতিক দল কেন্দ্ৰীক হিংসাত্মক ঘটনা সংঘটিত হৈছে সেইখন গাঁৱত সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত সেই দুটা ৰাজনৈতিক দল প্ৰাৰ্থীয়ে নাই । কাৰণ ১ নং পাখ্ৰীগুৰী গাঁওখন ৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টিৰ অধীনত পৰে । কাৰণ বঙাইগাওঁ বিধানসভা সমষ্টিত এই বেলি পোনপটীয়াকৈ প্ৰাৰ্থী থকাৰ বিপৰীতে ইউপিপিএল দলে মিত্ৰজোটৰ অংশীদাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফনীভূষন চৌধুৰীক আৰু বিপিএফ দলে মহাজোটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শঙ্কৰ প্ৰসাদ ৰায়ক সমৰ্থন কৰিছিল ।

নিশা আক্ৰমণ কৰাৰ ঘটনাৰ পিছতেই ঘটনাস্থলীত বাসুগাঁও আৰক্ষী থানাৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও কালি নিশাৰ ঘটনাক লৈ এলেকাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে একাংশ লোকে মুকলি কৈ ভাবুকি প্ৰদান কৰাত চণ্ডী সৰকাৰৰ পৰিয়ালটো তীব্ৰ আতংকিত হৈ পৰিছে । কি পৰিস্থিতিত নিজৰ পাখ্ৰীগুৰী স্থিত ঘৰ তথা দোকানখনত উভতি যাব পাৰিব নে নাই তাক সংশয় পৰিছে ।

কালি নিশাৰ ভাগৰ মাৰপিটৰ ঘটনাক লৈ দুয়োটা ফৈদে বাসুগাঁও আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে । এই এজাহাৰৰ ভিত্তিত বাসুগাঁও থানাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এই সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে বুলি বাসুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োয়ে জানিবলৈ দিয়ে । পৰবৰ্ত্তী সময়ত এই মাৰপিটৰ গইনা লৈ কোনোও যাতে সমাজত অশান্তিমূলক পৰিবেশৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেবল শান্তিৰ হকে সকলোকে কাম কৰি যাবলৈ বিভিন্ন দল সংগঠনে আহ্বান জনায় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in