মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ তোলা মহিলাৰ নতুন দাবী…

মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ তোলা মহিলাৰ নতুন দাবী…

ডিজিটেল ডেস্কঃ 'মোক প্ৰতিবেদনৰ এটা কপী লাগে। এয়া মোৰ অধিকাৰ।'- ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকীয়ে এই অভিযোগৰ তদন্ত কৰা ইন-হাউছ কমিটীৰ তদন্তৰ প্ৰতিবেদন বিচাৰি মুখ খুলিলে এইদৰে।

উল্লেখযোগ্য যে, মহিলাগৰাকীয়ে মুখ্যন্যায়াধীশগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছত ন্যায়াধীশ এছ এব'বডে'ৰ নেতৃত্বত গঠন কৰা হৈছিল তিনিজনীয়া তদন্ত কমিটী।

ইন-হাউছ এই কমিটীখনে দেওবাৰে দিয়া প্ৰতিবেদনত মুখ্য ন্যায়াধীশক ক্লিনশ্বীট দিয়াৰ লগতে এই অভিযোগ ভিত্তিহীন আখ্যা দিছিল। উচ্চতম ন্যায়ালয়ে লগতে কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় বুলিও ১৯৯৩চনৰ এক গোচৰৰ ৰায়দানৰ ভিত্তিত এক জাননী জাৰি কৰিছিল।

তাৰপাছতেই মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ সন্মুখত মহিলা অধিবক্তা আৰু নাৰী অধিকাৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ চৌহদত ১৪৪ ধাৰা জাৰি কৰিব লগা পৰিস্থিতি সৃষ্টি হৈছিল।

তদন্ত কমিটীৰ শুনানিৰ পৰা শেষ মুহূৰ্তত ন্যায়নাপাম বুলি মন্তব্য কৰি এই প্ৰক্ৰিয়াৰ পৰা আঁতৰি অহা মহিলাগৰাকীয়ে এই প্ৰতিবেদনৰপ্ৰতিলিপি বিচাৰি দাবী উত্থাপন কৰাৰ পাছতেই বিষয়টোক লৈ পুনৰ চৰ্চা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in