বেটী বচাও শ্ল’গানে ঢুকি নোপোৱা মহানগৰীৰ এগৰাকী অসহায় নাৰী…

বেটী বচাও শ্ল’গানে ঢুকি নোপোৱা মহানগৰীৰ এগৰাকী অসহায় নাৰী…

ডিজিটেল ডেস্কঃ যিসময়ত চৰকাৰে বেটী বচাও, বেটী পঢ়াও শ্ল'গান দি নাৰীৰ নিৰাপত্তা আৰু সবলিকৰণৰ কথা কয়, সেই সময়ত বহু ঘটনাই ইয়াৰ বিপৰীতে প্ৰতিচ্ছবি এখনে দাঙি ধৰে। নিউ গুৱাহাটীৰ ৰাজপথৰ দৃশ্য এয়া। পথৰ মাজত পৰি আছে এগৰাকী মহিলা। দৰিদ্ৰ এই মহিলাগৰাকী হয়তো মানসিকভাৱে ভাৰাসাম্যহীন।

মহিলাগৰাকী যি স্থানত বহি আছে, তাৰ সমীপতে আছে এটা ৰাজনৈতিক দলৰ কাৰ্যালয়। লোকসভা নিৰ্বাচন তুংগত। এই নিৰ্বাচনী ব্যস্ততাৰ মাজতেই বিজেপিৰ এটা নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত অসহায় হৈ পৰি আছে এই মহিলাগৰাকী।  এই নিৰ্বাচনী কাৰ্যালয়ত থকা বা মানুহগৰাকীক দেখা কোনো লোকেই তেওঁক সহায় কৰিবল আগবাঢ়ি অহা নাই।

বেটী বচাও, বেটী পঢ়াও শ্ল'গান দিয়া সকলৰ সন্মুখতেই যেন চৰম উপেক্ষিত হৈছে এই মহিলাগৰাকী। অৱশেষত এই মহিলাগৰাকী সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। কিয়নো যিকোনো মুহূৰ্ততে ৰাজপথৰ ওপৰত বহি থকা মহিলাগৰাকীৰ ওপৰেৰে পাৰ হৈ যাব পাৰে দ্ৰুতবেগী বাহন।

আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰৰ বাবে চেষ্টা কৰিলে যদিও, বহু সময় যুঁজি সফল নহ'ল। মহিলাগৰাকীক খাবলৈ পথৰ মাজতে কোনো লোকে দি যোৱা খাদ্য সামগ্ৰীৰ দৃশ্যও বন্দী হ'ল কেমেৰাত। খোদ মহানগৰীৰ ৰাজপথতে এতিয়া এইদৰে চৰম অৱহেলিত হৈ ৰয় মহিলা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in