এজাক বৰষুণতে বুৰিল স্মাৰ্ট চিটি গুৱাহাটী, পণবন্দী মহানাগৰিক

এজাক বৰষুণতে বুৰিল স্মাৰ্ট চিটি গুৱাহাটী, পণবন্দী মহানাগৰিক

ডিজিটেল সংবাদ, গুৱাহাটীঃ স্মাৰ্ট চিটি মহানগৰীত এজাক বৰষুণতে বুৰ গ'ল গুৱাহাটীৰ আভিজাত্য। বৰষুণৰ কৃত্ৰিম বানত পণবন্দী হৈ ৰ'ল মহানাগৰিক। প্ৰায় আধা ঘণ্টাৰ বৰষুণৰ ব্যৱধানত কৃত্ৰিম বানত আবদ্ধ হৈ পৰিল বহু সময় ধৰি চিটি বাছ, ব্যক্তিগত গাড়ীকে ধৰি দুচকীয়া বাহনো।

আনহাতে এই কৃত্ৰিম বান দেখা গ'ল গুৱাহাটী ক্লাৱ, শিলপুখুৰী, গণেশগুৰি, জি এছ ৰোডকে ধৰি চান্দমাৰী মণিৰাম দেৱান পথ আদি ঠাইত। আনহাতে এই বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানত বহু ঘণ্টা ধৰি মণিৰাম দেৱান পথৰ কিছু কিছু স্থান বুৰ গ'ল।

এনেদৰে নলা নৰ্দমাৰ বিজ্ঞানসণ্মত ব্যৱস্থা গ্ৰহণ নকৰা বাবেই কৃত্ৰিম বানৰ সমস্যা এজাক বৰষুণতে দেখা দিয়ে। এই প্ৰসংগত ৰাজ্য চৰকাৰে গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰাৰ বাবে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in