ৰাফেল কেলেংকাৰী, মূল্যবৃদ্ধিক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে মহানগৰ কংগ্ৰেছৰ প্ৰতিবাদ

ৰাফেল কেলেংকাৰী, মূল্যবৃদ্ধিক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে মহানগৰ কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাফেল বিমান কেলেংকাৰী আৰু পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰা কংগ্ৰেছৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে মঙলবাৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী।

মেঘদূত ভৱনৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বহু বিষয়ববীয়াই। প্ৰতিবাদস্থলীৰ পৰা ৰাষ্ট্ৰপতিলৈ একাধিক দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে দলটোৰ বিষয়ববীয়াসকলে।

মঙলবাৰৰ প্ৰতিবাদস্থলীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক কঠোৰ ভাবে সমালোচনা কৰে দলটোৱে। নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ কোটি নিবনুৱাক চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই কথা কবলৈ গৈ 'বছৰি ২ কোটি নিবনুৱাই পালেনে চাকৰি, নে তেওঁলোকৰ সপোনবোৰ হৈ গ'ল পকৰি' বুলিও প্ৰতিবাদকাৰীসকলে প্ৰশ্ন কৰে।

হাতত বেনাৰ-ফেষ্টুন লৈ প্ৰতিবাদকাৰী কংগ্ৰেছীসকলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক বিফল চৰকাৰক আখ্যা দিয়ে। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত ঠেলাগাড়ীত চিকিৎসালয়লৈ নিয়াৰ প্ৰসংগও উত্থাপন কৰাৰ লগতে বাংলাদেশীক বিজেপি চৰকাৰে ৰঙা দলিছা পাৰি দিছে বুলিও সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in