শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি…

535

ডিজিটেল ডেস্কঃ গীতানগৰ থানাৰ অন্তৰ্গত মাডাৰ টেৰছা পথত ব্যস্ততাপূৰ্ণ হাতীগঁড় চাৰিআলিৰ ওচৰতে হঠাত দাউ দাউকৈ জ্বলি উঠিল এখন নতুন মডেলৰ বিলাসী চাফাৰী গাড়ী। পুৱা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত এ এচ ০১ এম বি ৩৬৮৮ নম্বৰৰ গাড়ীখনত বহি আছিল চানমাৰিস্থিত এম এছ ক্লাছিক স্বত্তাধিকাৰজনো। তেওঁ স্বৰ্ট চাৰ্কিটৰ ফলত গাড়ীখন এনদৰে জ্বলি উঠা বুলি কয় যদিও গাড়ী খন তেওঁৰ নহয় বুলি জানিবলৈ দিয়ে।

কিন্তু পৰিবহন বিভাগৰ ৱেব ছাইটত গাড়ী খনৰ তথ্য বিছাৰোতে এম এছ ক্লাছিকৰ নামতেই ২০১২ চনত গাড়ীখন পঞ্জীয়ন হোৱা বুলি জানিব পৰা যায়। ইফালে প্ৰত্যক্ষ দৰ্শীয়ে জানিবলৈ দিয়া মতে গাড়ীখন নাৰিকল বস্তিৰ পৰা মাডাৰ টেৰেছা পথলৈ ওলাই আহিছিল । আৰু এই পথৰ ওপৰতে হঠাৎ জ্বলি উঠে। ইতিমধ্যে আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত অগ্নি নিৰ্বাপন কৰাৰ লগতে গাড়ীখন গীতানগৰ থানালৈ নিয়াৰ ব্যৱস্থা কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি