শেহতীয়া খবৰ
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...

চিটীবাছেৰে যদি যাত্ৰা কৰে আধাঘণ্টাৰ আগতে থিয় হওক বাছ আস্থানত, কিয়? চাওক VIDEO…

840

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ আজিৰ দিনটোত যদি আপুনি চিটিবাছৰে যাত্ৰা কৰিম বুলি ভাবিছে তেন্তে নিৰ্ধাৰিত সময়তকৈ কিছু আগতীয়াকৈ ঘৰৰ পৰা ওলাই আহক, কিয়নো বাছ ষ্টপত আপুনি বহু সময়ৰ বাবে নাপাব পাৰে চিটী বাছ। গুৱাহাটীৰ ৰাজপথত আজিৰ দিনটোত চিটীবাছৰ সংখ্যা খুবেই হেৰেঙা। ইয়াৰ কাৰণ হৈছে নিৰ্বাচন।

২৩ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ৰাজ্যৰ চাৰি সমষ্টিত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। নিৰ্বাচনৰ যাৱতীয় কাম-কাজৰ বাবে প্ৰশাসনে মহানগৰীৰৰ প্ৰায় ৯০ শতাংশ চিটীবাছ ব্যৱহাৰ কৰিছে,যাৰফলত যোৱা কেইটামান দিন ধৰি গুৱাহাটীৰ পথত চিটীবাছৰ উপস্থিতি তেনেই হেৰেঙা। যি কেইখন বাছ চলি আছে তাতো দেখা গৈছে মানুহৰ ভিৰ।

চিটীবাছৰ হেৰেঙা উপস্থিতিৰ বাবে জীয়াতু ভুগিছে মহানগৰীৰ সাধাৰণ ৰাইজে। সময়মতে নিজৰ গন্তব্য স্থানত গৈ উপস্থিত হ’বগৈ পৰা নাই বহুলোক। বাছৰ নাটনিত কষ্ট হলেও ৰাজ্যত শেষৰটো পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে পাৰ হৈ যোৱাতো কামনা কৰিছে মহানগৰবাসীয়ে।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি