শেহতীয়া খবৰ
গণনিগ্ৰহ প্ৰতিৰোধ  •  গণনিগ্ৰহ প্ৰতিৰোধ  •  আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...

যাত্ৰীৰ পৰা অত্যাধিক ভাড়াঃ চিটি বাছকে ধৰি যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে ৰুজু গোচৰ…

ডিজিটেল ডেস্কঃ যাত্ৰীৰ পৰা অত্যাধিক ভাড়া লোৱা চিটি বাছ আৰু অন্যান্য যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে বৃহস্পতিবাৰে মহানগৰ প্ৰশাসনে এক অভিযান চলায়। উল্লেখ্য যে, বহু যাত্ৰীবাহী বাহনে ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি যাত্ৰীৰ পৰা অত্যাধিক ভাড়া সংগ্ৰহ কৰা অভিযোগ উত্থাপন হৈ আহিছে।

কামৰূপ মহানগৰত নতুনকৈ যোগদান কৰা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নেতৃত্বত পৰিবহন বিভাগৰ এনফৰ্চমেন্ট বিষয়াসকলে বৃহস্পতিবাৰে লালগণেশ-লখৰা পথত এই অভিযান চলায়। যাত্ৰীৰ অভিযোগ ভিত্তিত পৰিবহন বিভাগে ৬খন চিটি বাছ আৰু ৩৩খন যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে অত্যাধিক ভাড়া সংগ্ৰহ কৰাৰ অভিযোগত পৰিবহন আইনৰ অধীনত গোচৰ ৰুজু কৰে।

পৰিবহন বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, যাত্ৰীৰ পৰা বেছি ভাড়া আদায় কৰা যান-বাহনৰ বিৰুদ্ধে নিয়মীয়াকৈ চলিব অভিযান। পৰিবহন বিভাগে সেয়েহে চিটি বাছ আৰু যাত্ৰীবাহী বাহনক যাত্ৰীৰ পৰা অত্যাধিক ভাড়া নল’বলৈ সৰ্তক কৰি দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি