নাগৰিকত্ব সংশোধনী বিধেয়কৰে ভাৰতক ইজৰাইল বনাব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰেঃ ওৱেছী

নাগৰিকত্ব সংশোধনী বিধেয়কৰে ভাৰতক ইজৰাইল বনাব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰেঃ ওৱেছী

ডিজিটেল ডেস্কঃ 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ভাৰতক একধৰ্মৰ দেশ হিচাপে স্বীকৃতি দিব বিচাৰিছে।' মন্ত্ৰীসভাত কেব গৃহীত হোৱাৰ পিছত এইমন্তব্য কৰে আছাদুদ্দিন ওৱেছীয়ে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এআইএমআইএমৰনেতাগৰাকীয়ে কয়, 'নাগৰিকত্ব সংশোধনী বিধেয়কত কেন্দ্ৰীয় চৰকাৰে মুছলমানসকলৰ বিষয়েউল্লেখ কৰা নাই। বৰং কোৱা হৈছে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ মুছলমানসকলৰ বাহিৰোআন সকলো ধৰ্মৰ লোকক আশ্ৰয় দিয়া হ'ব। অৰ্থাৎ তেনে হ'লে ভাৰত আৰু ইজৰাইলৰ মাজত একোপাৰ্থক্য নাথাকিব।'

ভাৰতীয় সংবিধানত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বিষয়ে কোনো উল্লেখনাই বুলি মন্তব্য কৰি ওৱেছীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বিজেপি চৰকাৰৰহিন্দুত্ববাদী ষড়যন্ত্ৰ বুলি অভিহিত কৰে।

তেওঁ কয়, 'যদি কোনোবা নাস্তিক হয় তেন্তে কৰিব? এনে আইনৰ দ্বাৰাসমগ্ৰ বিশ্বতে ভাৰতবাসী উপহাসৰ পাত্ৰ হৈ ৰৈ যাব। বিজেপি চৰকাৰে ভাৰতৰ মুছলমানসকলকএয়া বাৰ্তা প্ৰেৰণ কৰিব খুজিছে যে মুছলিমসকল যথাৰ্থত ভাৰতীয় নাগৰিক নহয়।'

আনহাতে কেবৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ৰেহাই দিয়াক লৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ওৱেছীয়ে। একেখন দেশত নাগৰিকত্ব প্ৰদানৰ বাবে দুখন আইন থাকিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ বিজেপি চৰকাৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰা বুলি অভিযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in