ঐতিহাসিক চিনাতলি বৰনামঘৰৰ বৰসভা মহোৎসৱ আৰম্ভ, চাওক VIDEO…

ঐতিহাসিক চিনাতলি বৰনামঘৰৰ বৰসভা মহোৎসৱ আৰম্ভ, চাওক VIDEO…

ডিজিটেল সংবাদ, গোলাঘাট: ঐতিহাসিক চিনাতলি বৰনামঘৰ শুক্ৰবাৰৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বৰসবাহ মহোৎসৱ। এই উপলক্ষে ১০হাজাৰ বৈষ্ণৱ-ভকতক আদৰিবলৈ সাজু হৈছে চিনাতলি বাসী ৰাইজ।

চিনাতলীত এতিয়া চাৰিওফালে ,উদুলি মুদিলি পৰিবেশে বিৰাজ কৰিছে মুঠ ৮০০ ঘৰ অংশিদাৰী ৰাইজে একত্ৰিত হৈ এই বৰসবাহ মহোৎসৱ আযোজন কৰিছে। কালি পুৱা ৮ বজাত ধৰ্মীয় পাতাক উৎত্তোলন কৰে নামঘৰ আৱক্ষ সোনেশ্বৰ বৰাই।দিনৰ ৩ বজাতপশ্চিম দিশত পানী তোলা কায্যসূচী অনুস্থিত হয়।নিশালৈ মহিলাৰ নাগাৰা নাম হয়।

শনিবাৰে গাঁৱৰ পূব দিশত প্ৰায় ৫০০০হাজাৰ পুৰুষ মহিলাই পানী তোলনত অংশগ্ৰহণ কৰে।১০ হাজাৰ ভকত বৈষ্ণৱখ আপ্যায়নৰ বাবে বুট-মগু ১০ কুইণ্টল,কল৩০হাজাৰ, পিঠাগুৰি ২৫কুইণ্টল,দৈ গাখীৰ৩০ মোন, সাজু কৰি ৰখা হৈছে।

মিঠে প্ৰস্তুত কৰিবলৈ গাঁৱৰ ২০০জন দেউৰী নিয়োজিত কৰাৰ লগতে বৰসবাহ মহোৎসৱৰ লগত সংগতী ৰাখি গাঁৱৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উৰ্ত্তীণ হোৱা মুঠ ৩০জন ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰো ব্যৱস্থা কৰা হৈছে। দেওবাৰে মূল বৰসবাহ কায্যসূচীত সকলো ভক্তপ্ৰাণ ভকত বৈষ্ণৱক সাদৰেৰে আমন্ত্ৰণ জনাইছে বৰনামঘৰ সমাজ পৰিষদে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in