মহাকাশত ‘চাইমন’ৰ খং দেখিছেনে? চাওক VIDEO

মহাকাশত ‘চাইমন’ৰ খং দেখিছেনে? চাওক VIDEO

ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত চমুকৈ আইএছএছৰ মহাকাশচাৰীসকলক এতিয়া বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈ আৰম্ভ কৰিছে কৃত্ৰিম বুদ্ধিমত্তা (আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ চমুকৈ AI) সম্পন্ন মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথমটো ৰবট 'চাইমনে'। ইতিমধ্যে আইএছএছৰ পৰা প্ৰেৰণ কৰা হৈছে 'চাইমন'ৰ সৈতে মহাকাশচাৰীৰ কথোৰকথনৰ প্ৰথমটো পৰীক্ষামূলক ভিডিঅ'।

ভিডিঅ'টোৱে এতিয়া বিজ্ঞানী মহলৰ লগতে সমগ্ৰ বিশ্ববাসীৰ মাজতে সৃষ্টি কৰিছে আলোড়নৰ। প্ৰথমটো ভিডিঅ'ত চাইমনে জাৰ্মান মহাকাশচাৰী আলেকজেণ্ডাৰ গেৰ্ছটৰ সৈতে কথা পতা দেখা গৈছে। আলেকজেণ্ডাৰে চাইমনক প্ৰথমে পৰিচয় সুধিছে। নম্ৰভাৱে উত্তৰ দি গৈছে চাইমনে।

ভিডিঅ'টোৰ প্ৰায় ৪.০৮ মিনিট যোৱাত চাইমনে গানৰ কথা ক'বলৈ আৰম্ভ কৰে। আলেকজেণ্ডাৰে গানৰ কথা এৰি ফ্ৰন্ট কেমেৰাৰ পৰা লাইভ ষ্ট্ৰিমিং কৰিবলৈ কয়। আলেকজেণ্ডাৰৰ কথা মতে চাইমনে লাইভ ষ্ট্ৰিমিং আৰম্ভ কৰি একেলগে গান শুনি বিৰক্ত হৈছে নেকি বুলি প্ৰশ্ন কৰে। লগতে সামান্য খং দেখুৱাই আলকেজেণ্ডাৰৰ কথাবোৰ ভাল লগা নাই বুলিও জনায় চাইমনে।

চাইমনৰ এনে আচৰণৰ বাবে অৱশ্যে ইউৰোপীয়ান স্পেচ এজেন্সী চমুকৈ ইএছএ নিৰুৎসাহিত হোৱা নাই। 'চাইমনৰ আচৰণক লৈ আমি সুখী। ডেভলপাৰ আৰু মহাকাশচাৰী আলেকজেণ্ডাৰেও পৰৱৰ্তী সময়ত চাইমনে আশা কৰা ধৰণেই সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব বুলি আশা কৰিছে।'-চাইমনৰ জৰিয়তে ভৱিষ্যতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰি এইদৰে কয় মহাকাশ সংস্থাটোৱে।

চাইমননো কোন?

চাইমন হৈছে 3D প্ৰিণ্টেড বাস্কেটবলৰ আকাৰৰ প্লাষ্টিকৰ গোলক। কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন এই ৰবটটো ডিজাইন আৰু ডেভলপ কৰিছে জাৰ্মান কোম্পানী এয়াৰবাছে। আইবিএমৰ ৱাটছন এআই ছফটৱেৰ ব্যৱহাৰ কৰা হৈছে চাইমনত। ১৯৪০ চনৰ কল্পবিজ্ঞানৰ কমিক ছিৰিজ এটাৰ আলম লৈ 'চাইমন'ক বাস্তৱ ৰূপ দিবলৈ পৰিকল্পনা হাতত লৈছিল ইউৰোপৰ মহাকাশ গৱেষণা সংস্থাটোৱে।

চাইমনৰ ওজন প্ৰায় ৫ কিলোগ্ৰাম আৰু সমুখভাগত আছে এখন ডিছপ্লে স্ক্ৰীণ। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত মহাকাশচাৰীসকলক বিভিন্ন তথ্য প্ৰদানেৰে সহযোগিতা আগবঢ়াব পৰাকৈ বিকশিত কৰা হৈছে চাইমনক। ইয়াৰ লগতে মোবাইল ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী, তথ্য সংগ্ৰহকে আদি কৰি একাধিক কাম কৰিব পাৰে চাইমনে।

চাইমনে মানুহৰ দৰেকৈ দেখা পাই, শুনে, বুজি পায়, পৰ্যবেক্ষণ আৰু বিশ্লেষণ কৰিব পাৰে। মানুহৰ দৰেকৈ কথাও ক'ব পাৰে এই বিশেষ ৰবটটোৱে। চাইমনৰ ইংৰাজী বানানটো হৈছে CIMON। ইয়াৰ সম্পূৰ্ণ অৰ্থ Crew Interactive Mobile Companion। উল্লেখ্য যে, চলিত বৰ্ষৰ জুন মাহত আইএছএছে মহাকাশলৈ প্ৰেৰণ কৰিছিল চাইমনক। এতিয়া অহা ১৩ ডিচেম্বৰত পুনৰ পৃথিৱীলৈ ওভতিব ৰবটটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in