অযোধ্যা বিবাদঃ ১৫২৮ ৰ পৰা ২০১৯ৰ ৯ নৱেম্বৰলৈ…পঢ়ক সুদীৰ্ঘ পৰিক্ৰমা

অযোধ্যা বিবাদঃ  ১৫২৮ ৰ পৰা ২০১৯ৰ ৯ নৱেম্বৰলৈ…পঢ়ক সুদীৰ্ঘ পৰিক্ৰমা

ডিজিটেল ডেস্কঃ কেইবাটাও দশক ধৰি চলি অহা অযোধ্যা বিবাদক লৈ শনিবাৰে চূড়ান্ত ৰায় প্ৰদান কৰিব দেশৰ উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে পুৱা ১০.৩০ বজাত বহু বিতৰ্কিত এই গোচৰৰ ৰায় প্ৰদান কৰিব৷ ইতিমধ্যে সমগ্ৰ দেশতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে৷

কেনেকৈ সূত্ৰপাত হ'ল অযোধ্যা বিবাদ, জানো আহকঃ

১. ১৫২৮ চনত মোগল সম্ৰাট বাবৰৰ নিৰ্দেশত মিৰ বাকিয়ে উত্তৰ প্ৰদেশৰ ফৌজাবাদ জিলাৰ অযোধ্যা চহৰৰ ৰামকোট পাহাৰৰ নিৰ্মাণ কৰিছিল বাবৰি মছজিদ৷

২. মছজিদ স্থাপন হোৱা প্ৰায় ডেৰশ বছৰৰ পাছত অথাৎ মন্দিৰ-মছজিদৰ লৈ বিৰ্তকৰ সূত্ৰপাত হোৱাৰ আগতে বাবৰি মছজিদত সংঘটিত হৈছিল এটা বিশেষ ঘটনা। বাবৰি মছজিদৰ সন্মুখত কিছু বৈৰাগীয়ে স্থাপন কৰিছিল এটা সৰু স্তুপ।

৩. ১৮৮৫ চনত ফৌজাবাদ জিলাৰ আদালতত বাবৰি মছজিদৰ সন্মুখভাগত এটা সৰু মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি বিচাৰি কৰিছিল আবেদন। আবেদন কৰা ব্যক্তিজনৰ নাম আছিল ৰঘুবৰ দাস। আদালতে এই আবেদন খাৰিজ কৰিছিল।

৪. ১৯৪৯ চনৰ জুলাই মাহত সেই সময়ৰ ৰাজ্য চৰকাৰে মছজিদৰ সন্মুখভাগত ৰামৰ প্ৰতিমূৰ্তিৰ লগতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আগবাঢ়িছাল যদিও সফল নহ'ল।

৫. ১৯৪৯ চনৰ ২২-২৩ ডিচেম্বৰত বাবৰি মছজিদৰ বাহিৰত কিছুলোকে ৰাম-সীতাৰ প্ৰতিমূৰ্তি আনি স্থাপম কৰাৰ চেষ্টা চলাইছিল।

৬. ১৯৪৯ চনৰ ২৯ ডিচেম্বৰত প্ৰশাসনে মছজিদৰ বাহিৰত থকা প্ৰতিমূৰ্তিসমূহ জব্দ কৰি আৰক্ষীক চমজাই দিছিল।

৭. ১৯৫০ চনত গোপাল ছিমলা বিৰাশদ নামৰ এজন ব্যক্তিয়ে মছজিদৰ বাহিৰত ৰামৰ প্ৰতিমূৰ্তিত পূজা কৰাৰ বাবে অনুমতি বিচাৰি ফৌজিবাদ জিলা আদালতত কৰিছিল আবেদন।

৮. আদালতে ৰায় প্ৰদান কৰিছিল য়ে, মূৰ্তি সেই স্থানৰ পৰা আঁতৰ কৰা নহয় যদিও কোনো লোকে পূজাৰ বাবে তাত প্ৰৱেশ কৰিব নোৱাৰিব

৯. ১৯৫৯ চনত নিৰমৌহী অখাড়াই এই ভূমি দখল কৰাৰ আহ্বান কৰে।

১০. ১৯৮১ চনত UP Sunni Central Waqf Board য়ে আদালত মছজিদৰ সপক্ষে এক আবেদন দাখিল কৰে।

১১. ১৯৮৬ চনৰ ১ ফেব্ৰুৱাৰীত ফৌজাবাদ জিলা আদালতে মছজিদৰ বাহিৰত থকা ৰামৰ প্ৰতিমূৰ্তিত ৰাইজে পূজা কৰিব পাৰিব বুলি ৰায় প্ৰদান কৰে।

১২. ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে ১৯৮৬ চনত বাবৰি মছজিদ এক্সন কমিটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

১৩. ১৯৮৯ চনত বি এছ পি নেতা দৈবকীনন্দন আগৰৱালে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ হৈ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আদালতত মোকদৰ্মা তৰিছিল।

১৪. ১৮৮৯ চনৰ নৱেম্বৰ মাহত মছজিদৰ সমীপতে স্থাপন কৰা হৈছিল ৰাম মন্দিৰৰ আধাৰশিলা।

১৫. ১৯৯০ চনৰ ২৫ ছেপ্তেম্বৰত বিজেপি নেতা লালকৃষ্ণ আদৱাণিয়ে সোমনাথত আৰম্ভ কৰিছিল এটা ৰথ যাত্ৰা। এই যাত্ৰা অযোধ্যাৰ লৈকে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই ৰথযাত্ৰাক লৈ সমগ্ৰ দেশত ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে এই যো জা কৰা হৈছে বুলি চৰ্চা হৈছিল।

১৬. এই ৰথযাত্ৰাক লৈ গুজৰাট, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশত অতি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। বহু ঠাইত সান্ধ্য আইন জাৰি কৰা হয়। এই ৰথযাত্ৰাৰ মাজতে বিহাৰত লালকৃষ্ণ আদৱাণিক গ্ৰেপ্তাৰ কৰোৱায় লালু প্ৰসাদ যাদৱে।

১৭. ১৯৯০ চনত পৰিস্থিত অধিক উত্তপ্ত হৈ পৰে। মছজিদ ধ্বংসৰ বাবে একাংশ লোক উত্তাৱল হৈ পৰে। মছজিদৰ কিছু অংশ ধ্বংস কৰাৰ লগতে মছজিদৰ ওপৰত তেওঁলোকে উৰুৱায় ৰঙা পতাকা।

১৮. ১৯৯১ চনত উত্তপ প্ৰদেশৰ বিধান সভা নিৰ্বাচনত চৰকাৰ গঠন কৰে বিজেপিয়ে।

১৯. ১৯৯২ চনত উত্তৰ প্ৰদেশৰ সেই সময়ৰ মুখ্যমন্ত্ৰী কল্যাণ সিঙে মছজিদ ৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আদালতক আবেদন জনায়।

২০. ১৯৯২ চনৰ ৬ ডিচেম্বৰত ভিতৰি চলি থকা ক্ষোভৰ বহিঃ প্ৰকাশ। লাখ লাখ লোকে কেইটামান ঘন্টাৰ ভিতৰতে ধ্বংস কৰে বাবৰি মছজিদ। দিনৰ ১১ বাজি ৫০ মিনিটত এই ধ্বংসলীলা চলায় লাখ লাখ লোকে।

২১. মছজিদৰ সুৰক্ষাৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰী কল্যাণ সিঙে এই ঘটনাৰ পাছতে কৰে পদত্যাগ।

২২. ২০০৩ চনত অযোধ্যাৰ সেই স্থানত হাইকৰ্টে চলায় খনন কাৰ্য। এই খননৰ যোগেদি সেই স্থানত ৰাম মন্দিৰ আছিল নে নাই তাক পৰীক্ষা কৰা হৈছিল।

২৩. ২০০৫ চনত সেই স্থানত সন্ত্ৰাসবাদীৰ আক্ৰমণ। কোনো ক্ষয়ক্ষতি কৰিব নোৱাৰিলে সন্ত্ৰাসবাদীয়ে।

২৪. ২০১০ চনৰ ৩০ ছেপ্তেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে অযোধ্যাৰ বিবাদিত ভূমি ৰাম মন্দিৰ, নিৰমৌহী অখাড়া আৰু UP Sunni Central Waqf Boardৰ মাজত সমানে ভগাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও সকলোৱে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰে।

২৫. ২০১১ চনৰ ৯ মেত অযোধ্যাৰ ভূমি বিবাদক লৈ ৰায় প্ৰদান কৰে।

২৬. ২০১৬ চনৰ ২৬ ফেব্ৰুৱাৰীত সুব্ৰমণিয়াম স্বামীয়ে উচ্চতম ন্যায়ালত বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাই আবেদন দাখিল কৰে।

২৭. ২০১৭ চনৰ ২১ মাৰ্চত দেশৰ মুখ্য ন্যায়াধীশে দুয়োটা পক্ষকে আউট-অফ-কৰ্ট বুজাবুজি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

২৮. ২০১৭ চনৰ ৭ আগষ্টত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ২০১০ চনৰ সিদ্ধান্তক বিৰোধিতা কৰি কৰা আবেদন সমূহৰ শুনানিৰ বাবে ৩ জনীয়া বিচাৰপীঠ গঠন কৰে।

২৯. ২০১৮ চনৰ ৮ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে আবেদন সমূহৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰে।

৩০. ২০১৮ চনৰে ২০ জুলাইত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি ৰায় স্থগিত ৰাখে।

৩১. ২০১৮ চনৰ ২৭ ছেপ্তেম্বৰত সমগ্ৰ বিষয়ৰ দায়িত্ব অৰ্পণ কৰে উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠৰ ওপৰত।

৩২. মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এই ৫ জনীয়া বিচাৰপীঠত থকা আন ন্যায়াধীশসকল হ'ল- এছ এ বোবড়ে, ডি ৱাই চন্দ্ৰচূড়, অশোক ভূষণ আৰু আব্দুল নাজিৰ।

৩৩. ২০১৯ৰ ফেব্ৰুৱাৰীত এক পত্ৰৰ যোগে জনোৱা হৈছিল যে ২৬ ফেব্ৰুৱাৰীত অযোধ্যা পীঠত সকলো পক্ষক একলগ কৰা হব।

৩৪. ২০১৯ৰ ২৬ ফেব্ৰুৱাৰীত হিন্দু আৰু মুছলমান পক্ষক আদালতৰ দ্বাৰা মধ্যস্থতাৰে বিষয়টো সমাধান কৰাৰ প্ৰস্তাৱ ৰখা হয়।

৩৫. ২০১৯ৰ ৮ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতাকাৰী দলটোত থকা লোকসকল যায় অযোধ্যালৈ। এই দলটোত প্ৰাক্তন ন্যায়াধীশ, অধিবক্তাৰ লগতে আছিল আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰ।

৩৬. ২০১৯ৰ ২ আগষ্টত অযোধ্যা বিবাদৰ সন্দৰ্ভত দুয়ো পক্ষৰ মাজত বুজাবুজি প্ৰক্ৰিয়া বিফল হয়।

৩৭. ২০১৯ৰ ১৩ আগষ্টত উচ্চতম ন্যায়ালয়ে কয় যে- অযোধ্যা বিবাদক লৈ কোনো খৰখেদা নকৰে ন্যায়ালয়ে।

৩৮. ২০১৯ৰ ১৪ আগষ্টত হিন্দু পক্ষৰ অধিবক্তাক সোধপোচ কৰে উচ্চতম ন্যায়ালয়ে।

৩৯. ২০১৯ৰ ১৪ ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে কয় যে, ভক্ত আস্থাক লৈ কোনেও প্ৰশ্ন তুলিব নোৱাৰে।

৪০. ২০১৯ৰ ১৬ ছেপ্তেম্বৰত এই বিষয়ৰ সন্দৰ্ভত দুয়োপক্ষৰ সৈতে আলোচনা কৰাৰ পোষকতা কৰে উচ্চতম ন্যায়ালয়ে।

৪১. তেতিয়াও নিজ নিজ যুক্তিত অটল আছিল দুয়োটা পক্ষ।

৪২. ২০১৯ৰ ১৫ অক্টোবৰত ৪০ দিনৰ মাৰাথান শুনানিৰ পাছত অযোধ্যা বিবাদৰ ৰায় সুৰক্ষিত ৰাখে। মধ্যস্থতা পেনেলে দাখিল কৰে ৰিপৰ্ট।

৪৪. ২০১৯ৰ ৮ নৱেম্বৰত অযোধ্যা বিবাদৰ গোচৰৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ টুইট। সকলো পক্ষকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ।

৪৫. ছ'চিয়েল মিডিয়াৰ যোগে যাতে কোনেও এই বিবাদমান গোচৰ সন্দৰ্ভত অপপ্ৰচাৰ চলাব নোৱাৰে তাৰ বাবে দৃষ্টি দিবলৈও ১৬ হাজাৰ লোকক নিয়োজিত কৰা হৈছে। সমগ্ৰ দেশতে গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে হাই এলাৰ্ট

৪৬. ২০১৯ ৰ ৯ নৱেম্বৰত (শনিবাৰ) পুৱা ১০.৩০ বজাত অন্ত পৰিব দীৰ্ঘ দিনৰ অপেক্ষাৰ। ৪০ দিনজোৰা দীঘলীয়া শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে ৰায়দান কৰিব অযোধ্যা বিবাদ গোচৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in