চোৰধৰাঃ আজি ক’ত সাৰিবা…

চোৰধৰাঃ আজি ক’ত সাৰিবা…

শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিয়ে ২৩ আগষ্ট, ২০১৯ত বৰপমুৱা নামঘৰত মঞ্চস্থ কৰিলে মহাপুৰুষ মাধৱদেৱৰ অনুপম সৃষ্টি 'চোৰধৰা' ঝুমৰা। এই চোৰধৰাত অভিনয় কৰিছিল এজাক শিশুৰ দলে। সেই অভিনয় উপভোগ কৰি এই অনুষ্ঠানটোৰ সন্দৰ্ভত মনোজ কুমাৰ ডেকাৰ অনুভৱেৰে আজিৰ মোৰ মত।

বিদগ্ধ পণ্ডিত কেশবানন্দ দেৱ গোস্বামীৰ সুচিন্তাৰ ফচল শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটি৷ প্ৰয়াত কেশৱানন্দ দেৱ গোস্বামীৰ মানসপুত্ৰ সদৃশ এই অনুষ্ঠানটি যোৱা ২০০৩ বৰ্ষত আত্মপ্ৰকাশ ঘটে ৷ বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ বিকাশ, প্ৰসাৰ তথা গৱেষনাৰ লগতে যুবক-যুৱতী সকলৰ বাবে বিভিন্ন ধৰণৰ দক্ষতা বিকাশৰ বাবে কৰ্মসূচী ৰূপায়ন কৰি আহিছে৷

এনে কাৰ্যসূচীৰ অংশ হিচাপে ২৩ আগষ্ট, ২০১৯ত নামনি বৰপমুৱা নামঘৰত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ উপলক্ষত ফাউণ্ডেশ্যনৰ মাজুলী জিলাৰ অৰ্ন্তগত বৰপমুৱা সাংস্কৃতিক মিচনৰ উদ্যোগত অধ্যাপক হৰিচৰণ বড়াৰ তত্বাবধানত ২২ দিনজোৰা আখৰাৰ অন্তত মহাপুৰুষ মাধৱদেৱৰ অনুপম সৃষ্টি-চোৰধৰা ঝুমুৰা খন সেই অঞ্চলৰ কণ কণ শিশু সকলৰ দ্বাৰা মঞ্চস্থ কৰোৱা হয় ৷

চোৰধৰা নাটখন নাট্যকাৰ মাধৱদেৱৰ এখন অন্যতম সফল নাটক। চৰিত পুথিৰ মতে মাধৱদেৱে এইখন নাট সুন্দৰী দিয়াত থাকোঁতে অৰ্থাৎ ১৫৭০-৮০ খ্ৰীষ্টাব্দ মানত ৰচনা কৰা বুলি জনা যায়।'চোৰধৰা' নাটকখন 'চোৰধৰা ঝুমুৰা" হিচাপেও সমানেই পৰিচিত।

এই ঝুমুৰাখনৰ কাহিনী ভাগত গোৱালীপাৰাৰ কোনো এটা আবেলি পৰত ঘটি থকা দুটা সমান্তৰাল ঘটনাৰ চিত্ৰণ দেখিবলৈ পোৱা যায়। এটা ঘটনা অনুসৰি, এবাৰ শিশু কৃষ্ণই গোৱালীপাৰাৰ এখন ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ আন দিনাৰ দৰে সেই দিনাও ঘৰৰ ভিতৰলৈ সংগোপনে প্ৰৱেশ কৰি লৱণু চুৰ কৰি খাই থাকোঁতেই গৃহিনী আহি কৃষ্ণক হাতে-লোটে ধৰা পেলায়। শিশু কৃষ্ণক হাততে পাই 'আজি ক'ত সাৰিবা' বুলি গোৱালীজনীয়ে কৃষ্ণক এসেকা দিয়াৰ অভিপ্ৰায়েৰে কৃষ্ণ ওলাই যাব নোৱাৰাকৈ দুহাতেৰে দুৱাৰ বন্ধ কৰি ৰাখি গোৱালীপাৰাৰ অন্যান্ন গোৱালীসকলক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে, লগতে চোৰে তাইক মাৰি পলাব বুলিও ক"লে।

তাৰপাছত গোৱালীসকলে দুৱাৰ এৰি নিদিবলৈ ক'লে আৰু সোনকালেই আহি গৃহস্থী গোৱালীজনীৰ ঘৰত উপস্থিত হ'লহি। গৃহিণীয়ে গোৱালীসকলক ঘৰত সোমাই লৱণু চুৰ কৰি থকা চোৰ কৃষ্ণক দেখুৱাই দিলে। কিন্তু কৃষ্ণই স্বাভাৱিক চাতুৰীৰে সকলো গোৱালীক কৌশল কৰি ৰাজপথলৈ লৈ গ'ল আৰু তেওঁৰ বন্ধু সুদামা, শ্ৰীদাম, বিশাল, ঋষভ, সুৱল, অজুন আদি গোপবালকসকলক মাতিবলৈ ধৰে৷ লগতে ক'লে কৃষ্ণক অকলশৰে পাই চোৰৰ কলংক দি গোৱালীসকলে কাজিয়া কৰিব বিচাৰিছে।

শ্ৰীকৃষ্ণৰ আহ্বান শুনি গোপবালকসকল আহি পোৱাত কৃষ্ণই চাতুৰ্য প্ৰদৰ্শন কৰি নিজ হাতৰ দধি গৃহস্থী গোৱালীজনীৰ মুখত সানি দি গোৱালীজনীয়ে নিজে দধি-দুগ্ধ খাই ৰাজপথত খেলি থকা কৃষ্ণক চোৰৰ কলংক দিয়া বুলি ওলোতাই গোৱালীসকলক দোষী সজালে আৰু মাক যশোদাৰ ওচৰলৈ নি ভালদৰে এশিকনি দিয়াৰ ভাবুকিও দিলে। কৃষ্ণৰ এনে চাতুৰ্য আৰু অদ্ভুত আচৰণত পৰাস্ত গোৱালীসকলে কৃষ্ণক চোৰ বোলা নাই বুলি স্বীকাৰ কৰিলে আৰু কৃষ্ণক নিজ ঘৰলৈ ঘূৰি যাবলৈ অনুৰোধ কৰিলে। চল পাই কৃষ্ণই গোৱালীসকলক ক'লে যে তেওঁলোকে লৱণু খাবলৈ দিলেহে তেওঁলোকক এৰিব আৰু ঘৰলৈ উভতি যাব। তেতিয়া গোৱালীসকলে কৃষ্ণই যদি নৃত্য কৰে তেতিয়াহে লৱণু খাবলৈ দিব বুলি কোৱাত কৃষ্ণই লৱণুৰ লোভ সামৰিব নোৱাৰি নৃত্য কৰিবলৈ ধৰিলে। এটা সময়ত নৃত্য কৰি কৰি ভাগৰি পৰা কৃষ্ণই গোৱালী গৃহস্থীক লৱণু খুজিলে, গোৱালীয়েও ভালদৰে নাচিলেহে লৱণু দিব বুলি কৈ ভালদৰে নাচিবলৈ ক'লে৷ কৃষ্ণয়ো গোৱালীসকলৰ মনোকামনা পূৰণ কৰি নানা বিধ নৃত্য কৰিবলৈ ধৰিলে৷

সমান্তৰাল ঘটনাক্ৰম অনুসৰি পূৱাতে খেলিবলৈ বুলি ওলাই যোৱা নিজ পুত্ৰ কৃষ্ণ আবেলিলৈকে উভতি নহাত যশোদা চিন্তাত ব্যাকুল হৈ পৰে আৰু যমুনাৰ পাৰে পাৰে ৰাজপথত কৃষ্ণক বিচাৰি ফুৰিবলৈ ধৰিলে আৰু কৃষ্ণক দেখিছিল নেকি পথত লগ পোৱা পথিকসকলক কৃষ্ণৰ বাতৰি সুধিবলৈ ধৰিলে।

এজন বাটৰুৱাই তেওঁৰ পুত্ৰ দেখিবলৈ কেনেকুৱা সোধাত – "শ্যাম বৰণৰ, ভণ্টা খেলি খেলি ঘামেৰে দেখিবলৈ সুন্দৰ হৈ পৰা, মুখ দেখিলেই ভাগৰ পলোৱা" বুলি যশোদাই নিজ পুত্ৰ কৃষ্ণৰ ৰূপৰ বৰ্ণনা দিলে। কিন্তু বাটৰুৱাজনে তেনে ল'ৰা নেদেখা বুলি কৈ আঁতৰি গ'ল। বাটৰুৱাৰ কথা শুনি, কৃষ্ণৰ বতৰা নাপাই যশোদা অচেতনৰ দৰে হৈ পৰিল আৰু উত্ৰাৱল হৈ কান্দিবলৈ ধৰিলে। তেনেতে সেইফালেদি আহি থকা এগৰাকী গোৱালীয়ে যশোদাৰ অৱস্থাটো দেখি কিয় এনেদৰে ব্যাকুল হৈ কান্দিছে বুলি সোধাত যশোদাই গোৱালীজনীক ক'লে যে, তেওঁৰ নিচিনা অভাগিনী নাই।

আৰু ক'লে তেওঁৰ প্ৰাণপুত্ৰ কৃষ্ণ পূৱাতে খেলিবলৈ ওলাই গৈ এতিয়াও উভতি অহা নাই, তেওঁ কৃষ্ণ অবিহনে জীয়াই থাকিব নোৱাৰে। তেতিয়া গোৱালীজনীয়ে ক'লে যে যশোদাই শোক পৰিহাৰ কৰক, কাৰণ তেওঁ গোৱালীপাৰাৰ ৰাজপথত গোৱালীসকলৰ মাজত গোপবালকসকলৰ লগত কৃষ্ণক নাচি থকা দেখি আহিছে। তেতিয়া যশোদাই সেই স্থানলৈ লৈ যাবলৈ গোৱালীজনীক ক'লে আৰু গোৱালীজনীয়েও যশোদাক তালৈ লৈ গৈ নাচি থকা কৃষ্ণক দেখুৱাই দিলেগৈ।

কৃষ্ণক দেখাৰ পাছত যশোদাৰ শৰীৰ জুৰ পৰিল আৰু কৃষ্ণক কোলাত লৈ গালে-মুখে চুমা খাই স্তন পান কৰিবলৈ দিলে। মাকৰ গাখীৰ খাই খাই কৃষ্ণই মাকৰ চকুলৈ চাই চাই গোৱালীসকলৰ সকলো কথা ক'লে। গোৱালীসকলে কৃষ্ণক চোৰৰ কলংক দিয়া বুলি কৃষ্ণৰ মুখে শুনি যশোদাৰ বৰ খং উঠিল আৰু গোৱালীসকলৰ মুখত ছাই পৰক বুলি শাও দিয়াৰ উপৰিও যথেষ্ট তিৰস্কাৰ কৰি কৃষ্ণক পুনৰ গোৱালীপাৰালৈ আহিবলৈ বাৰণ কৰিলে কাৰণ, যশোদাৰ ঘৰত দধি-দুগ্দ্ধৰ অভাৱ নাই। কৃষ্ণ যে যশোদাৰ আচলৰ ধন, কোটি পুৰুষৰো পৰম দেৱতা, কৃষ্ণই যে তেওঁৰ সকলো সেই কথা কৈ পুত্ৰ স্নেহত আপ্লুত হৈ কৃষ্ণক কোলাত লৈ ঘৰলৈ গ'ল।

এই দুটা ক্ষন্তেকীয়া সমান্তৰাল ঘটনাৰ নাট্যৰূপেই 'চোৰধৰা' নাটক। গোৱালীপাৰাৰ এজনী গোৱালীৰ ঘৰৰ ভিতৰ চ'ৰা, তাৰ পাছত গোৱালীজনীৰ পদূলি সংলগ্ন ৰাজপথ আৰু যমুনাৰ পাৰৰ ৰাজপথৰ দুটা সুকীয়া ছৱি কালক্ৰমত গোৱালীপাৰাৰ ৰাজপথত যশোদাই কৃষ্ণক লগ পাই গোৱালীবিলাকক গালি পাৰি কৃষ্ণৰ গাৰ ধূলি জাৰি ঘৰলৈ লৈ যোৱাতে নাট খন সমাপ্ত হয় ৷

শেহতীয়া "চোৰধৰা"ৰ নিচিনাকৈ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ এনে সাংস্কৃতি মিচন সমূহে সেই অঞ্চলৰ উঠি অহা কণ কণ শিশুসকলক একত্ৰিত কৰি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা নিযুক্তি দিয়া অধ্যাপক সকলৰ দ্বাৰা নিয়মীয়াভাবে বিনামূলীয়াকৈ মাটি আখৰা, সত্ৰীয়া নৃত্য-গীত আদিৰ প্ৰশিক্ষণ দি আহিছে ৷ এনে নিয়মীয়া প্ৰশিক্ষনৰ অন্তত শিশু শিল্পীসকলৰ দ্বাৰা একোখনকৈ নাট মঞ্চস্থ কৰি অহা হৈছে ৷ তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে এই সকলৰ ভিতৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা গোটত গুৱাহাটীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ আনি নাট পৰিবেশন কৰি অহা হৈছে ৷

উল্লেখ্য যে ফাউণ্ডেশ্যনে যোৱা ২০১২ বৰ্ষৰ পৰা মাজুলিৰ জেংৰাইত প্ৰথমাৱস্থাত অঞ্চলবাসীৰ বাবে বিভিন্ন উন্নয়ন মূলক আঁচনি হাতত লৈ শেহতীয়াভাৱে তেওঁলোকৰ কৰ্মসুচীৰ পৰিসৰ এক বৃহৎ অঞ্চললৈ বিস্তৃত কৰিছে ৷ যোৱা ২০১৭ বৰ্ষত কেইবাশ লোক উপকৃত হব পৰাকৈ মাজুলীৰ বিভিন্ন অঞ্চলত কেইবাটাও সমুহীয়া শৌচাগাৰ নিৰ্মাণ কৰিছে৷

ইয়াৰ উপৰিও এই অনুষ্ঠানটোৱে বিগত ২০১৬ বৰ্ষৰ পৰা অসমৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ পশুধনৰ চিকিৎসাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ মাজুলী জিলাৰ আওহতীয়া অঞ্চলত "অভিযান নিৰাময়" শীৰ্ষক এক ধাৰাবাহিক পশু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰাৰ কাৰ্যসূচী হাতত লৈ আহিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in